নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পর্যটনে খুলিব অসমৰ সম্ভাৱনাৰ দুৱাৰ

মে’ মাহৰ অন্ত পৰিলেই কার্যতঃ অসমত পর্যটনৰ বার্ষিক কেলেণ্ডাৰৰ অন্ত পৰে৷ ফলত অসমত এই বছৰৰ শীতকালীন পর্যটনৰ প্রায় যৱনিকা পৰিছে৷ চলিত বছৰৰে ছেপ্টেম্বৰ–অক্টোবৰ মাহৰ পৰা অসমত আৰম্ভ হ’ব পর্যটন বছৰ৷ তুলনামূলকভাৱে বাৰিষা কাল দীঘলীয়া হোৱা বাবে অসমত ৭ মাহহে পর্যটনৰ ঋতু থাকে৷ শেহতীয়া কেইটামান বছৰত অসমত দেশ–বিদেশৰ পর্যটকৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ পূর্বৰ বছৰকেইটাৰ দৰে শেহতীয়া পর্যটন কেলেণ্ডাৰতো অসমত পর্যটকৰ সংখ্যা বেছ উৎসাহজনকভাৱে বৃদ্ধি হৈছে৷ বিশেষকৈ দেশ–বিদেশৰ পর্যটকৰ মূল আকর্ষণ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত চলিত বছৰত পর্যটকৰ আগমনৰ পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ ২০২৫–২৬ বর্ষত কাজিৰঙাত মুঠ ৪,৬৮,১৪৭গৰাকী দেশী–বিদেশী পর্যটকৰ আগমন ঘটিছে৷ পূর্বৰ বছৰটোৰ তুলনাত এই সংখ্যা ৬১,৫৪৩গৰাকী অধিক৷ মাত্র এটা বছৰতে ৰাষ্ট্রীয় উদ্যানখনত অর্ধলাখতকৈও অধিক পর্যটকৰ সংখ্যা বৃদ্ধিয়ে স্বাভাৱিকতে অসমত পর্যটকৰ আগমন লক্ষণীয়ভাৱে বৃদ্ধি যে পাইছে সেই কথাকে প্রকাশ কৰিছে৷ কেৱল যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানতে পর্যটকৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পাইছে তেনে নহয়৷ ২০২৫–২৬ বর্ষত মানাহ অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য, মাজুলী আদিতো যথেষ্টসংখ্যক পর্যটকৰ সমাগম হৈছে৷ কিন্তু বিগত সময়ছোৱাত অসমত পর্যটন স্থানৰ প্রসাৰ ঘটিছে যদিও এতিয়াও ৰাজ্যখনৰ পর্যটনৰ মূল আকর্ষণ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানেই হৈ আছে৷ প্রধানকৈ ইউনেস্ক’ৰ মানচিত্রত স্থান লাভ কৰা কাজিৰঙা দর্শনৰ বাবে অসমত দেশী–বিদেশী পর্যটকৰ আগমন ঘটে৷ ৰাজ্যখনলৈ অহা মুঠ পর্যটকৰ ৭০–৮০ শতাংশই কেৱল কাজিৰঙাক উদ্দেশ্যিয়ে অসমলৈ আহে৷ যোৱা পাঁচটা বছৰত অসম চৰকাৰে ৰাজ্যখনৰ পর্যটকক আকর্ষণ কৰিব পৰা কেইবাটাও স্থানৰ শ্রীবৃদ্ধি কৰিছে যদিও এতিয়াও সেই স্থানসমূহৰ বৃহৎসংখ্যক পর্যটকৰ দৃষ্টি আকর্ষণ কৰিব পৰা নাই৷ শেহতীয়াকৈ ৰাজ্যখনলৈ অহা পর্যটকৰ সংখ্যা বৃদ্ধিয়ে নিশ্চিত কৰিছে যে দেশৰ লগতে বিদেশৰো বহু পর্যটকৰ ভ্রমণৰ বাবে আকর্ষণীয় স্থান হৈ পৰিছে অসম৷ পর্যটকৰ এই সংখ্যা বৃদ্ধিয়ে নিশ্চিতভাৱে এই কথাকেই প্রমাণ কৰে যে কিছু প্রণালীবদ্ধ প্রচাৰ আৰু পৰিকাঠামোৱে অসমত পর্যটনক এক গুৰু উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰে৷ এই পর্যটনেই অর্থনৈতিক দিশত ৰাজ্যখনলৈ এক বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিব পাৰে৷ যি দুৱাৰেৰে এক বুজন পৰিমাণৰ ধনৰ আগমনৰ লগতে নিবনুৱা সমস্যাত ভাৰাক্রান্ত ৰাজ্যখনৰ বৃহৎসংখ্যক যুৱক–যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিব পাৰিব৷ যোৱা এটা দশকত অসমৰ চুবুৰীয়া মেঘালয় আৰু অৰুণাচল পর্যটকৰ আকর্ষণৰ অন্যতম দুখন ৰাজ্য হৈ পৰাৰ পৰিপ্রেক্ষিতত বিশাল সেউজ ভূমি, মনোৰম পাহাৰ–পর্বত আৰু নদ–নদীৰে ভৰপূৰ অসমেও পর্যটকক আকর্ষণ কৰাৰ প্রচুৰ থল আছে৷ প্রাকৃতিকগতভাৱে প্রকৃতিয়ে অসমক দেশ–বিদেশৰ পর্যটকক আকর্ষণ কৰিব পৰাকৈ প্রচুৰ সম্পদ দিছে৷ আমি কেৱল এই সম্পদখিনি চকুত পৰাকৈ বিশ্বৰ সন্মুখত তুলিহে ধৰিব লাগে৷
অসমত উৎসৱ পর্যটনৰ এক বিশাল ক্ষেত্র আৰু সম্ভাৱনা আছে৷ জনজাতীয় সংস্কৃতিৰে চহকী অসমৰ বাৰেচহৰীয়া ৰং–বিৰঙৰ সাংস্কৃতিক অনুষ্ঠানসমূহে কিছু প্রণালীবদ্ধ প্রচাৰৰ জৰিয়তে সহজেই পর্যটকক আকর্ষণ কৰিব পাৰে৷ অসমীয়া জাতিৰ প্রাণ ৰঙালী বিহুৰ লগতে মিচিং আৰু বড়োসকলৰ ঐতিহ্যময় সাংস্কৃতিক উৎসৱসমূহ পর্যটকৰ অন্যতম আকর্ষণ হ’ব পাৰে৷ শেহতীয়াকৈ বিশ্বত পৰম্পৰাগত জনগোষ্ঠীয় উৎসৱ পর্যটনে বিশেষ গুৰুত্ব লাভ কৰিছে৷ কৃত্রিম ৰঙীন সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱর্তে এচাম দেশী–বিদেশী পর্যটকক অকৃত্রিম জনগোষ্ঠীয় উৎসৱে অধিক আকর্ষণ কৰে৷ সেয়ে উৎসৱ পর্যটনক এক প্রণালীবদ্ধ প্রচাৰ আৰু ব্যৱস্থাপনাৰ জৰিয়তে দেশৰ ভিতৰতে পর্যটকৰ বাবে অন্যতম আকর্ষণীয় কৰি তোলাৰ প্রচুৰ সম্ভাৱনা আছে৷ অসমত আন এক সম্ভাৱনা থকা পর্যটন ক্ষেত্র হ’ল নদী পর্যটন৷ খৰালি আৰু বাৰিষা উভয় কালতে অসমৰ নদী পর্যটনে বিশালসংখ্যক পর্যটকক আকর্ষণ কৰিব৷ নদী পর্যটনৰ বাবে মূল আধাৰ হ’ব পাৰে চিৰপ্রবহমান বিশাল ব্রহ্মপুত্র৷ কেৱল ব্রহ্মপুত্রক কেন্দ্র কৰিয়ে পর্যটকক আকর্ষণ কৰিব পৰা পর্যটনৰ ক্ষেত্র নির্মাণ কৰাৰ বহু সম্ভাৱনা আছে৷ বিশ্বৰ ভিতৰতে অন্যতম বিশাল নদী ব্রহ্মপুত্র নিজেই এক প্রচুৰ অধ্যয়নৰ সমল থকা নদী৷ এই নদীত দিবা–নৈশ যাপনৰ ক্রুজৰ ব্যৱস্থা কৰাৰ উপৰি বহু ৱাটাৰ গেমছৰ আয়োজন কৰিব পাৰি৷ শেহতীয়াকৈ বিশ্বত পানীৰ সৈতে জড়িত খেল–ধেমালিয়ে প্রভূত জনপ্রিয়তা অর্জন কৰিছে৷ অসমলৈ অহা পর্যটকসকলৰ মুখত এটা অভিযোগ প্রায়ে শুনা যায়৷ সেয়া হ’ল নিশা ৯ বজাৰ পিছত ৰাজ্যখনৰ আন চহৰ নালাগে, খোদ গুৱাহাটী মহানগৰীতে পর্যটকসকলক আকর্ষণ কৰিব পৰা কোনো সমল নাথাকে৷ কার্যতঃ নিশা ৯ বজাৰ পিছত খালী হৈ পৰে মহানগৰ৷ সেয়ে মাজনিশাপর্যন্ত পর্যটকসকলক আকর্ষণ কৰিব পৰা তথা তেওঁলোকে ৰং–ধেমালিৰে সময় অতিবাহিত কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিলে নৈশ পর্যটনো অন্য এক আকর্ষণ হ’ব অসমৰ পর্যটন উদ্যোগৰ বাবে৷ যিহেতু কোনো এগৰাকী পর্যটকে এখন ৰাজ্যলৈ গ’লে নিশাটো হোটেলৰ কোঠাত সোমাই থাকিবলৈ ভাল নাপায়, সেয়ে নৈশ পর্যটন পর্যটকক আকর্ষণ কৰাৰ বাবে অতি প্রয়োজনীয়৷

You might also like