নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ মে’, জেঠ মাহৰ ৮ তাৰিখ
শনিবাৰ : তিথি–শুক্লাসপ্তমী, নক্ষত্র : ভৰণী, যাত্রা : নাই

মেষ : আজি ব্যৱসায়ৰ ক্ষেত্রত খৰচ বৃদ্ধি৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ কামৰ চাপ বৃদ্ধি হ’ব৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃষ : আজি নতুন গৃহ নির্মাণ হোৱাৰ সম্ভৱনা৷ চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে৷ অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে৷ প্রেমত বাধা৷ শুভ ৰংবগা, শুভ সংখ্যা ১৷

মিথুন : আজি আর্থিক দিশত অশান্তি হ’ব পাৰে৷ অতিৰিক্ত অর্থ লাভৰ আশাই সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ বিজ্ঞান চর্চাৰ অগ্রগতিৰ সম্ভাৱনা৷ শত্রুৰ পৰা সাৱধান৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷

কর্কট : আজি পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ উচ্চ শিক্ষাৰ শুভ ফল৷ ব্যৱসায়িক দিশত অশান্তি হ’ব পাৰে৷ বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

সিংহ : আজি সম্পত্তিৰ অধিকাৰক লৈ বিবাদ হ’ব পাৰে৷ ব্যৱসায়িক দিশত ভাল যোগাযোগ আহিব পাৰে৷ বুদ্ধিৰ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভাৱনা৷ শুভ ৰং সেউজীয়া শুভ সংখ্যা ৭৷

কন্যা : আজি দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ আর্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ৷ স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷

তুলা : আজি চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ পৰাপক্ষত টকা-পইচাৰ লেনদেন নিজ হাতেৰে কৰক৷ কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

বৃশ্চিক : আজি ভ্রমণৰ দিশত শুভ৷ অতিৰিক্ত আৱেগৰ বাবে কামৰ ক্ষতি হ’ব পাৰে৷ উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে৷ প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮৷

ধনু : আজি আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তা বৃদ্ধি৷ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব৷ যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামর্শ লোৱা উচিত৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

মকৰ : আজি ব্যৱসায়ত খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে৷ মা–দেউতাৰ শৰীৰক লৈ কিছু চিন্তা বাঢ়িব৷ শত্রুৰ পৰা সাৱধান৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷

কুম্ভ : আজি কর্মক্ষেত্রত উন্নতিৰ যোগ দেখা যায়৷ বিদ্যার্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে৷ ভাতৃৰ লগত বিবাদ হ’ব পাৰে৷ মানসিকভাৱে চাপ বৃদ্ধি৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷

মীন : আজি সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাৱে চাপ বৃদ্ধি৷ কর্মস্থানত বহু দিনৰ পিছত নিজৰ প্রতিভাৰ প্রকাশ ঘটিব পাৰে৷ ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯৷

You might also like