ডিজিটেল ডেস্ক, ২৩ মে’ : মণিপুৰৰ পৰা নৈ পথেৰে ড্ৰাগছ সৰবৰাহ এক ঘটনা পোহৰলৈ আহিছে। আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত লক্ষীপুৰৰ বৰাক নদীৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ । লগতে গ্ৰেপ্তাৰ হয় মণিপুৰৰ দুই সৰবৰাহকাৰী।
মণিপুৰৰ পৰা নাৱেৰে বৰাকৰ নৈৰ মাজেদি ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত কাছাৰৰ লক্ষীপুৰত আৰক্ষী আৰু অসম ৰাইফলছৰ দলে যুটীয়া অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ য়াবা টেবলেট আৰু হেৰ’ইন।
গোপন সূত্ৰৰ ভিত্তিত বৰাক নৈত অভিযান চলাই চুবুৰীয়া মণিপুৰৰ পৰা অহা এখন যন্ত্ৰচালিত নাওৰ পৰা অভিযানকাৰী দলে ১০ হাজাৰ য়াবা টেবলেটৰ লগতে ২১ গ্ৰাম হেৰ’ইন জব্দ কৰে । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মণিপুৰৰ Pherzawl জিলাৰ দুই সৰবৰাহকাৰীক। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৩ কোটিৰো অধিক হ’ব বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত চলাই আছে।