পচা আলু-পিঁয়াজৰ দুৰ্গন্ধই ছানি ধৰিছে চাংসাৰি চৌপাশ
গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চাংসাৰি চৌকীগেটত আৰু ইয়াৰ আশে পাশে পচা আলু পিয়াজৰ উৎকট দুৰ্গন্ধৰ প্ৰদূষণে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ লগতে য’তে ত’তে বস্তাই বস্তাই পচা পিয়াজ -আলু পেলাই দিয়াত ইয়াৰ দুৰ্গন্ধই এতিয়া জনসাধাৰণৰ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।
আনকি কোনো লোকে নাক মুখত সোপা দি নধৰিলে তাত এক চেকেণ্ড সময়ো ৰৈ থাকিবলৈ কষ্টকৰ হয়। এনে অৰাজক পৰিৱেশৰ কাৰণ তাত অৱস্থিত জনৈক জৈনৰ আলু গুদাম কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ডকে দোষাৰোপ কৰিছে ইয়াৰ একাংশ সচেতন লোকে।
পচা পিঁয়াজৰ দুৰ্গন্ধত থাকিব নোৱাৰি এই সকল লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি অভিযোগ কৰি কয় যে গুৱাহাটী-চাংসাৰিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ চৌকীগেট উৰণ সেতুৰ গাতে লাগি থকা জনৈক জৈন নামৰ ব্যৱসায়ীগৰাকীৰ বৃহৎ আকাৰৰ আলু পিয়াজৰ গুদাম ঘৰ আছে।
কিন্তু এই প্ৰতিষ্ঠানটোৰ নিজা কোনো ডাম্পিং গ্ৰাউণ্ড নাই। ইয়াৰ ফলত গুদাম ঘৰসমূহত মজুত কৰি ৰখা আলু-পিয়াজ গেলি বেয়া হবলৈ ধৰা বস্তা সমূহ এটা সময়ত তাৰ পৰা উলিয়াই দিয়া হয়।
অৱশ্যে কেতিয়াবা গুদামলৈ অহা ট্ৰাক সমূহতো দুই এটা বেয়া বস্তা ওলায়। এই পচিবলৈ ধৰা আলু পিয়াজৰ বস্তা সমূহ তেওলোকে ওচৰতে ঘাইপথৰ দাঁতিত, অভাৰব্ৰীজ খনৰ তলত নতুবা পৰিত্যক্ত ভূমিত য’তে ত’তে ডাম্পিং গ্ৰাউণ্ডৰ দৰে ব্যৱহাৰ কৰি আহিছে। এই কাম কৰা হয় নিশাৰ ভাগত।
ইয়াৰ হাৰাশাস্তি ভোগ কৰিবলগা হৈছে অঞ্চলটোৰ জনতা। যি সময়ত স্বচ্ছতা তথা পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত চৰকাৰ প্ৰশাসনে সজাগতাৰ ওপৰত গুৰুত্ব দিছে ঠিক সেই সময়ত চাংসাৰি চৌকীগেটত আলু গুদাম কৰ্তৃপক্ষৰ এনে টোঘলকী কাণ্ডক স্বাভাৱিকতে গৰিহণাৰ যোগ্য।
এই দুৰ্গন্ধৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা নকৰিলে ইয়াত যেন মানুহ জীয়াই থকাটোৱে টান হৈ পৰিব। দ্বিতীয়তে জনৈক জৈনৰ গুদামটোৰ নিজা পাৰ্কিং ব্যৱস্থাও নাই । ট্ৰাকসমূহ ৰাস্তাটোতে ৰৈ যান জঁটৰ সৃষ্টি কৰি অহাত ৰাইজৰ কি বিপত্তি হৈ আহিছে সেয়া নেদেখিলে কল্পনা কৰিব নোৱাৰি।
অৱশ্যে মন কৰিবলগীয়া বিষয়টো হ’ল পণ্যাগাৰসমূহৰ পেলনীয়া আলু পিয়াজবোৰৰ লগতে ঘাইপথৰ দাঁতিৰ এই অবৈধ ডাম্পিং গ্ৰাউণ্ড সমূহত কোনোৱে কেতিয়াবা মৃত জীৱ জন্তু পেলাই ইয়াৰ পৰিৱেশ আৰু কদৰ্যময় কৰি তোলা পৰিলক্ষিত হয়। গতিকে অচিৰেই বিষয়টোৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে এই অঞ্চলৰ ৰাইজে ।
নিয়মীয়া বাৰ্তা, চাংসাৰি, ২৩ মে’