পাকিস্তান-বাংলাদেশ সীমান্তত ‘স্মাৰ্ট ব’ৰ্ডাৰ’ৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ
ডিজিটেল ডেস্ক, ২৩ মে’ : অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত কঠোৰ কেন্দ্ৰীয় চৰকাৰ। গ্ৰহণ কৰা হৈছে ‘জিৰো ট’লাৰেন্স’ নীতি। পাকিস্তান আৰু বাংলাদেশ সীমান্তত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এইবাৰ ‘স্মাৰ্ট ব’ৰ্ডাৰ’ আৰম্ভ কৰাৰ চিন্তা কৰিছে মোদী চৰকাৰে। শুকুৰবাৰে নতুন দিল্লীত বিএছএফৰ বাৰ্ষিক ৰুস্তমজী মেম’ৰিয়েল অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা প্ৰকাশ কৰে।
প্ৰায় ৬ হাজাৰ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্তত জোৱান মোতায়েন কৰাটো প্ৰায় অসম্ভৱ। সেইবাবে কেৱল জোৱানৰ নজৰদাৰীৰ ওপৰত নিৰ্ভৰ নকৰি ‘স্মাৰ্ট ব’ৰ্ডাৰ’ৰ জৰিয়তে সীমান্তত ব্যৱহাৰ কৰা হ’ব ড্ৰোন, হাই ৰিজ’লিউচন কেমেৰা আৰু অন্যান্য মনিটৰিং ডিভাইচ। লগতে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ সৈতে বিএছএফৰ সমন্বয় বৃদ্ধি কৰিবলৈ ইণ্টেলিজেন্স নেটৱৰ্ক শক্তিশালী কৰাৰ নিৰ্দেশ দিছে অমিত শ্বাহে।
গৃহমন্ত্ৰী অমিত শ্বাহে কয়- “আগন্তুক এবছৰৰ ভিতৰত স্মাৰ্ট ব’ৰ্ডাৰৰ কাম আৰম্ভ হ’ব। ইয়াৰ ফলত সীমান্তসমূহ অধিক দুৰ্ভেদ্য কৰি তোলা সম্ভৱ হ’ব। জনবিন্যাস সলনি কৰাৰ যি অপচেষ্টা চলি আছে, সেয়াও নিয়ন্ত্ৰণ কৰিব পৰা যাব।” অমিত শ্বাহে লগতে কয়, “ত্ৰিপুৰা, পশ্চিমবংগ আৰু অসম চৰকাৰে অনুপ্ৰৱেশ ৰোধত কেন্দ্ৰৰ নীতিক সমৰ্থন জনাইছে। প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক দৃঢ়প্ৰতিজ্ঞ।”
উল্লেখ্য যে পশ্চিমবংগত কাঁটা তাঁৰ নিৰ্মাণক লৈ তদানীন্তন মমতা বেনাৰ্জী চৰকাৰৰ দিনত ভূমি সংক্ৰান্তীয় জটিলতা আছিল। কিন্তু শেহতীয়াকৈ বিজেপিৰ শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই কাঁটা তাঁৰ বেৰ নিৰ্মাণৰ বাবে বিএছএফক ভূমি হস্তান্তৰ কৰা হয়।