ডিজিটেল ডেস্ক, ২৩ মে’ : গৰু কোৰবানিক লৈ বিতৰ্কিত মন্তব্য কৰা বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক কালি নিশা বিলাসীপাৰাৰ কৃষ্ণনগৰৰ বাসগৃহৰ পৰা আটক কৰা হয়। ওৰে নিশা জেৰা চলাই ধুবুৰী আৰক্ষীয়ে আজি পুৱা গ্ৰেপ্তাৰ কৰে বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক।
উল্লেখ্য যে প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই কোৰবানিত বাধা দিবলৈ অহা পুলিচক বান্ধি তেওঁক খবৰ দিবলৈ ৰাইজক আহ্বান জনাইছিল। বান্ধি ৰখা পুলিচক ঘটনাস্থলীতে কোৰবানি দিয়াৰ হুংকাৰো দিছিল প্ৰাক্তন বিধায়কজনে। এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ধুবুৰী জিলা আৰক্ষীয়ে প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।
কালি নিশা বিলাসীপাৰা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এদল আৰক্ষীয়ে আলী আকবৰৰ বাসগৃহ ঘেৰাও কৰি দুঘন্টাৰ মূৰত আটক কৰে। আটকাধীন প্ৰাক্তন বিধায়কজনক আৰক্ষীয়ে পোনে পোনে বিলাসীপাৰাৰ পৰা ধুবুৰীলৈ নিয়ে। ধুবুৰী সদৰ থানাত আৰক্ষীয়ে ওৰে নিশা জেৰা চলায়। পিছত আজি পুৱতি নিশা বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা অসুস্থ হৈ পৰাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰে। পুৱা প্ৰাক্তন বিধায়কগৰাকী সুস্থ হোৱাত পুনৰ সদৰ থানালৈ আনি জেৰা চলায়।
সম্প্ৰতি অপৰাধ অনুসন্ধান শাখাৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা জেৰাৰ অন্তত আজি বিলাসীপাৰা আদালতলৈ প্ৰেৰণ কৰিব বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক।