নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : লোকপিয়লত মাতৃভাষা

অসমীয়া জাতি গঠন প্রক্রিয়াত মিঞাসকলক একত্রীকৰণ কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ আহ্বানক কেন্দ্র কৰি তুমুল বিতর্ক হৈছে৷ আগন্তুক লোকপিয়লত বাংলাদেশী মূলৰ লোকসকলে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্রেণীৰ নাগৰিক হোৱাটো এশ শতাংশই নিশ্চিত বুলি মন্তব্য কৰি ড০ গোস্বামীয়ে এইক্ষেত্রত চৰ–চাপৰিত বাস কৰা মিঞাসকলৰ সহায় বিচাৰিছে৷

চৰ–চাপৰিত বাস কৰা মিঞাসকলক অসমীয়া জাতি গঠন প্রক্রিয়াত চামিলকৰণৰ বাবে দশক দশক ধৰি বিভিন্ন পর্যায়ত প্রচেষ্টা চলি আছে৷ কিন্তু এনে সকলো পদক্ষেপ নস্যাৎ কৰি চৰ–চাপৰিত বাস কৰা লোকসকলে অসমীয়া ভাষাক মাতৃভাষাৰ মর্যাদা প্রদান কৰাৰ বিপৰীতে বাংলা ভাষাক আদৰি লৈছে৷

প্রকৃততে চৰ–চাপৰিত বাস কৰা মুছলমান লোকসকলে নিজকে অসমীয়া আৰু অসমীয়া ভাষাক মাতৃভাষা বুলি চিনাকি দিব বিচৰা নাই৷ ছবছৰীয়া অসম আন্দোলনৰ সময়তে চৰ অঞ্চল আৰু বাংলাদেশ সীমান্তৱর্তী জিলাকেইখনত অসমীয়াবিদ্বেষী অভিযান আৰম্ভ হৈছিল৷

১৯৯১, ২০০১ আৰু ২০১১ৰ লোকপিয়লৰ তথ্যসমূহ নিৰীক্ষণ কৰিলেই এই কথা স্পষ্ট হয় যে অসমৰ জাতি গঠন প্রক্রিয়াত অসম সাহিত্য সভাকে ধৰি জাতীয় সংগঠন আৰু মহীৰূহসকলৰ আহ্বানক মিঞাসকলে কাণসাৰ দিয়াৰ বিপৰীতে অসমীয়াবিৰোধী অভিযান ক্রমাগতভাৱে তীব্র কৰি তুলিছে৷

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্রত ১৯৯১ৰ লোকপিয়লত বাংলাভাষী লোকৰ সংখ্যা আছিল ৫৫,৫৩৯গৰাকী৷ ২০০১ৰ লোকপিয়লত বাংলাভাষীৰ সংখ্যা ১,১৪,৩৪৫গৰাকীলৈ আৰু ২০১১ৰ লোকপিয়লত ১,৩৯,১৭৩গৰাকীলৈ বৃদ্ধি হয়৷ একেসময়তে কলগাছিয়া ৰাজহ চক্রত ১৯৯১ৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা ৬৮,৯৮২গৰাকীৰ পৰা ২০০১ৰ লোকপিয়লত ৩৩,৭৯০গৰাকীলৈ হ্রাস হৈছে৷

২০১১ৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা ৫৬,৩৬৩ হৈছে৷ একেদৰে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্রত ১৯৯১ৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা আছিল ১,৩৩,৪৪৯গৰাকী৷ ২০১১ৰ লোকপিয়লত বাঘবৰত অসমীয়া ভাষীৰ সংখ্যা আশ্চর্যজনকভাৱে ১৫,৭২৩গৰাকীলৈ হ্রাস হৈছে৷

ইয়াৰ বিপৰীতে বাঘবৰত ১৯৯১ৰ লোকপিয়লত বাংলাভাষীৰ সংখ্যা ১,১১,৪৪১গৰাকীৰ পৰা ২০১১ৰ লোকপিয়লত ২,৯০,১৫৮গৰাকীলৈ বৃদ্ধি হৈছে৷ দৰং জিলাৰ মিঞা অধ্যুষিত দলগাঁৱত ১৯৯১ৰ লোকপিয়লত বাংলাভাষী লোকৰ সংখ্যা ১,১৫,১২০গৰাকীৰ পৰা ২০১১ৰ লোকপিয়লত ৩,৭৬,৫৯৫গৰাকীলৈ বৃদ্ধি হৈছে৷

ইয়াৰ বিপৰীতে ১৯৯১ৰ লোকপিয়লত দলগাঁৱত ১,৭৩,২৮৮গৰাকী অসমীয়া ভাষীৰ সংখ্যা ২০১১ৰ লোকপিয়লত ৭৪,১৩৮গৰাকীলৈ হ্রাস হৈছে৷ একেদৰে ছমৰীয়াত ১৯৯১ৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা ৩৫,১৭৭গৰাকীৰ পৰা ২০০১ৰ লোকপিয়লত ১৯,১৫৩গৰাকীলৈ হ্রাস হৈছে৷ ১৯৯১ আৰু ২০১১ৰ লোকপিয়লত ছমৰীয়াত বাংলাভাষীৰ সংখ্যা ৪১,৪১৪গৰাকীৰ পৰা ১,০৩,৪৭৫গৰাকীলৈ বৃদ্ধি হৈছে৷

গোৱালপাৰা জিলাৰ লক্ষীপুৰত ১৯৯১ৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা ১,০৫,১৫৭গৰাকীৰ পৰা ২০০১ৰ লোকপিয়লত ৮৯,৫৩১গৰাকীলৈ হ্রাস হৈছে৷ লক্ষীপুৰত ১৯৯১ৰ লোকপিয়লত বাংলাভাষী লোকৰ সংখ্যা আছিল ৫৯,৭৬২গৰাকী৷ ২০১১ৰ লোকপিয়লত লক্ষীপুৰত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি হৈ ১,৩৫,৭৮৭গৰাকীলৈ বৃদ্ধি হৈছে৷

ৰাজ্যখনৰ চৰ–চাপৰি আৰু ধর্মীয় সংখ্যালঘু লোকসকল কিদৰে অসমীয়া জাতি গঠন প্রক্রিয়াৰ পৰা আঁতৰি গৈছে সেয়া লোকপিয়লৰ তথ্যসমূহতে স্পষ্ট হৈছে৷ বাংলাদেশী মূলৰ লোকসকলে লোকপিয়লত দাঙি ধৰা তথ্যই প্রমাণ কৰিছে যে অসমভূমিৰ দশক দশক ধৰি বাস কৰিলেও তেওঁলোকে অসমীয়া জাতি আৰু ভাষাৰ স’তে একাত্ম হ’বলৈ বিচৰা নাই৷

অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে প্রকৃত ছবিখন অনুধাৱন নকৰি মাথোঁ তোষামোদ কৰা আহ্বানেৰে মিঞাসকলৰ দীর্ঘকালীন অভিসন্ধি প্রতিৰোধ কৰিব নোৱাৰে৷ ভাষাক লৈ অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত বিশেষ আৱেগ নিহিত হৈ আছে৷ অসমৰ সামাজিক আৰু ৰাজনৈতিক জাতীয়তাবাদৰ ধাৰাও নির্ণীত হৈ আছে ভাষাৰ জৰিয়তে৷

১৯০০ চনত প্রথম অভিধান প্রকাশ হোৱাৰ সময়ত অসমীয়া ভাষাৰ শব্দ ভঁৰাল প্রায় ১৪ হাজাৰ আছিল৷ ২০২৪ৰ সংশোধিত অভিধানত অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰৰ সংখ্যা এক লাখ ২৫ হাজাৰৰো অধিক হৈছে৷ এই কথা এগৰাকী প্রসিদ্ধ ভাষাবিদৰূপে অসম সাহিত্য সভাৰ সভাপতিগৰাকীও জ্ঞাত৷ বিশ্বৰ বহু চহকী ভাষাৰ তুলনাত অসমীয়া ভাষাৰ সাহিত্য আৰু শব্দ ভাণ্ডাৰত চহকী৷

অসমীয়া ভাষাৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত এতিয়াও যথেষ্ট কৰণীয় আছে৷ কিন্তু অসমীয়া ভাষাৰ অপমৃত্যুৰ আশংকা কৰাৰ কোনো যুক্তিনিষ্ঠ কাৰক উদ্ভৱ হোৱা নাই৷ মিঞাৰ সহায়ত অসমীয়া ভাষাক প্রাণসঞ্চাৰ কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ তোষামোদভৰা আহ্বানে আগন্তুক লোকপিয়লত অসমীয়া ভাষাক কোনো কাৰণতে সহায় নকৰে৷

মিঞাসকল চাৰি দশক পূর্বে অসমৰ খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে পৰিকল্পিতভাৱে চলোৱা অভিযানৰ অন্তৰালত আছে প্রভাৱশালী ৰাজনৈতিক চক্র৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক বহিষ্কৰণৰ দাবীত দেশৰ ভিতৰতে অসমত প্রথমবাৰৰ বাবে ছবছৰীয়া অসম আন্দোলনৰ সময়তে মিঞাসকলৰ মাজত তলে তলে আৰম্ভ হৈছিল অসমবিদ্বেষ অভিযান৷

বাংলাদেশ আৰু একাংশ ইছলামিক ৰাষ্ট্রৰ পৃষ্ঠপোষকতাত আশী দশকত আৰম্ভ হোৱা এই অভিযানে ১৯৮৫ চনত মুকলি হৈ উঠিছিল৷ অসম চুক্তি স্বাক্ষৰৰ পাছত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগৰ ভিত্তিত গঠিত অসম গণ পৰিষদক পৰাভূত কৰাৰ বাবে বাংলাদেশী মূলৰ লোকসকলে জন্ম দিছিল সংযুক্ত সংখ্যালঘু মর্চা (ইউএমএফ)দল৷

১৯৮৫ৰ বিধানসভা নির্বাচনত দলটোৱে জন্মলাভ কৰিয়েই ১৮খন আসন লাভ কৰাৰ উপৰি বৰপেটা লোকসভা সমষ্টিত জয়ী হৈছিল৷ ইউএমএফৰ স্থান পৰৱর্তী সময়ত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে লৈছে৷ অৱশ্যে মিঞা অধ্যুষিত অঞ্চলত এতিয়া এআইইউডিএফৰ লগতে কংগ্রেছে পুনৰ ঘাটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷

লোকপিয়লত মিঞা লোকসকলে দাঙি ধৰা তথ্যৰ অন্তৰালত আছে প্রভাৱশালী ৰাজনৈতিক চক্রটো৷ এই চক্রটোৱে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অধিকাৰ প্রতিষ্ঠা হোৱাটো নিবিচাৰে৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ জনাদেশতো এই কথা স্পষ্ট হৈছে৷

ৰাজ্যখনত খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে ঐক্যবদ্ধ জনাদেশৰ বিপৰীতে বাংলাদেশী মূলৰ মুছলমান অধ্যুষিত সমষ্টিসমূহত ইয়াৰ বিপৰীত ছবি অসমবাসীয়ে দেখিছে৷ অহা দুই আগষ্টৰ পৰা দুটা পর্যায়ত হ’ব লগা লোকপিয়লত বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়াই যাতে পূর্ণতা লাভ কৰে তাৰ বাবে ৰাজ্যখনৰ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠী সজাগ আৰু সচেতন হ’ব লাগিব৷

১৭ আগষ্টৰ পৰা ১৫ ছেপ্ঢেম্বৰলৈ ঘৰে ঘৰে তথ্য সংগ্রহৰ সময়ত আমি সজাগ হ’ব লাগিব৷ আমাৰ ভাষা, আমাৰ জাতি আমিয়ে উদ্ধাৰ কৰিব লাগিব৷ মিঞাই কোনোদিনে অসমীয়া জাতি গঠনত আন্তৰিকতাৰে সহযোগ নকৰে৷

You might also like