IPL-2026 : প্রথম কোৱালিফায়াৰত আজি সমুখসমৰত RCB vs GT
কাইলৈ হ’বলগীয়া এলিমিনেটৰ মেচখনত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজার্ছ হায়দৰাবাদ
আইপিএল-২০২৬ৰ প্রথমখন কোৱালিফায়াৰত আজি মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ৷ ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া প্রথমখন কোৱালিফায়াৰত জয়লাভ কৰি পোনে পোনে ফাইনেলত প্রৱেশ কৰাৰ লক্ষ্য লৈছে ডিফেণ্ডিং চেম্পিয়ন আৰচিবিয়ে৷
অৱশ্যে মেচখনত জয়লাভ কৰিবলৈ হ’লে আৰচিবিয়ে কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব৷ কাৰণ, শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছত আছে কেইবাগৰাকীও তাৰকা খেলুৱৈ৷ অধিনায়ক গিল আৰু সাই সুদর্শনে চলিত আইপিএলত দুর্দান্ত প্রদর্শন দাঙি ধৰিছে৷
এই দুয়োগৰাকী বেটাৰ আৰচিবিৰ বলাৰৰ বাবে চিন্তাৰ কাৰক হোৱাৰ সম্ভাৱনা আছে৷ দলটোত ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ছ বাটলাৰো আছে৷ ইফালে, বলিঙত আছে মহম্মদ ছিৰাজ, কাগিছো ৰাবাডা, প্রসিদ্ধ কৃষ্ণ আৰু ৰছিদ খানৰ দৰে তাৰকা বলাৰ৷
গতিকে, আৰচিবিৰ বাবে মেচখনত জয়লাভ কৰাটো সহজ নহ’ব৷ অৱশ্যে মেচখনৰ বাবে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে আৰচিবিয়ে৷
মেচখনক লৈ আত্মবিশ্বাসী আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে কয় যে মেচখনত আমি প্রথমৰ পৰাই আক্রমণাত্মক খেল দাঙি ধৰি বিপক্ষ দলটোক চাপত ৰখাৰ চেষ্টা কৰিম৷ জেকব বেথেলৰ অনুপস্থিতিয়ে দলটোক চাপত নেপেলায় বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে ফিল ছল্টে দলৰ হৈ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও শেহতীয়া মেচখনত ভেংকটেশ আয়াৰে দাঙি ধৰা প্রদর্শনত আমি সন্তুষ্ট৷
গতিকে মূল একাদশত স্থান লাভৰ বাবে ভেংকটেশ আৰু ছল্টৰ মাজত যুঁজ চলাৰ সম্ভাৱনা আছে৷ ইফালে, তাৰকা বেটাৰ বিৰাট কোহলিৰ পৰা দীঘলীয়া ইনিংছৰ আশা ব্যক্ত কৰি পাটিদাৰে কয় যে অ’পেনিং যুটিয়ে দলটোক শক্তিশালী আৰম্ভণি দিব বুলি আশাবাদী৷
আনহাতে, বলিঙত ভুবনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে অধিনায়কগৰাকীয়ে৷
উল্লেখ্য যে মেচখনত যিটো দল পৰাজিত হ’ব সেইটো দলে ফাইনেলত প্রৱেশ কৰাৰ আন এটা সুযোগ লাভ কৰিব৷ শুকুৰবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত প্রথম কোৱালিফায়াৰৰ পৰাজিত দলটোৱে এলিমিনেটৰ মেচৰ বিজয়ী দলটোৰে মুখামুখি হ’ব৷
ইপিনে, কাইলৈ হ’বলগীয়া এলিমিনেটৰ মেচখনত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজার্ছ হায়দৰাবাদ৷
খেলৰ সময়ঃ নিশা ৭.৩০ বজা৷