নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিঅ’নেল মেছিৰ আঘাতক লৈ চিন্তিত আর্জেণ্টাইন শিবিৰ

ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ মাজতে মাথোঁ কেইটামান দিন বাকী৷ প্রতিযোগিতাখনৰ দিন চমু চাপি অহাৰ লগে লগে আর্জেণ্টিনাৰ শিবিৰত উদ্বেগ বাঢ়িছে৷ ডিফেণ্ডিং চেম্পিয়ন দলটোৰ বাবে উদ্বেগৰ কেন্দ্রবিন্দু হৈছে লিঅ’নেল মেছি৷

ইণ্টাৰ মিয়ামিৰ হৈ ১৮ মিনিট খেলাৰ অন্তত খেলপথাৰ এৰিবলৈ বাধ্য হয় বিশ্ব বিজয়ী অধিনায়কগৰাকীয়ে৷ দেওবাৰে মিয়ামিৰ এনইউ ষ্টেডিয়ামত ফিলাডেলফিয়া ইউনিয়নৰ বিপক্ষে খেলা খেলখনৰ দ্বিতীয়ার্ধত খেলপথাৰত প্রৱেশ কৰিছিল মেছি৷

৭০ মিনিটত দলটোৱে লাভ কৰা ফ্রী কিক লোৱাৰ পাছত মেছিয়ে বাঁও উৰুত বিষ অনুভৱ কৰে৷ তেওঁ বিশ্বকাপৰ পূর্বে ৰিস্ক ল’ব বিচৰা নাছিল আৰু খেলপথাৰ ত্যাগ কৰে৷ খেলপথাৰৰ পৰা মেছিয়ে পোনে পোনে ড্রেছিং ৰুমলৈ ৰাওনা হৈছিল৷

মেচৰ পিছত মিয়ামিৰ প্রশিক্ষক গুইলাৰমো হোয়ছে কয় যে মেছিৰ আঘাতৰ চিকিৎসা সন্দর্ভত আমাৰ হাতত কোনো প্রতিবেদন নাই৷ বর্তমান তেওঁৰ আঘাতক লৈ একো কোৱা সম্ভৱ নহয়৷

অৱশ্যে মেছিক যথেষ্ট ভাগৰুৱা যেন লাগিছিল৷ আমি ৰিস্ক ল’ব বিচৰা নাছিলোঁ৷ মিয়ামি কর্তৃপক্ষয়ো মেছিৰ আঘাত সন্দর্ভত একো কোৱা নাই৷ আর্জেণ্টিনাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মেছিয়ে হামষ্ট্রিঙৰ অস্বস্তিৰ বাবে খেলপথাৰ ত্যাগ কৰে৷

তেওঁ বিশ্বকাপৰ পূর্বে ৰিস্ক ল’ব বিচৰা নাছিল৷ স্বাভাৱিকতে বিশ্বকাপৰ পূর্বে ফুটবল অনুৰাগীৰ মাজত মেছিৰ প্রতি উদ্বেগ দেখা যায়৷ মেছিৰ অনুপস্থিতিৰ পিছতো ফিলাডেলফিয়া ইউনিয়নৰ বিৰুদ্ধে ৬–৪ গ’লত মিয়ামিয়ে জয়লাভ কৰে৷ মেচখনত লুইছ ছুৱাৰেজে হেটট্ৰিক অর্জন কৰে৷

ডিজিটেল ডেস্ক, ২৬ মে’

You might also like