২২ জুনৰ পৰা আৰম্ভ হ’ব শক্তিপীঠ কামাখ্যা ধামৰ ঐতিহ্যবাহী অম্বুবাচী মেলা। ২৬ জুনলৈ চলিবলগীয়া এই ধৰ্মীয় মহোৎসৱৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা অহা লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে নীলাচল পাহাৰ।
এইবাৰ ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি তিনি দিনৰ বাবে বন্ধ থাকিব দেৱীৰ মন্দিৰৰ দুৱাৰ। ২৬ জুনত নিবৃত্তি সম্পন্ন হোৱাৰ পিছত পুৱা নিত্য পূজা শেষ কৰি পুনৰ ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ।
এইবাৰৰ মেলাত ভক্তসকলৰ সুবিধা আৰু সুৰক্ষাক অধিক গুৰুত্ব দিয়া হৈছে। কৰ্তৃপক্ষই জনোৱা মতে, কামাখ্যা পাহাৰত এইবাৰ কোনো ধৰণৰ ভাণ্ডাৰাৰ অনুমতি দিয়া নহ’ব। লগতে কোনো যাত্ৰীয়ে ব্যক্তিগত বাহন লৈ পাহাৰলৈ উঠিব নোৱাৰিব। চেণ্ডেল নাৰ্চাৰী পইণ্টত খুলি থৈহে মন্দিৰ অভিমুখে যাত্ৰা কৰিব লাগিব।
গুৰুত্বপূৰ্ণভাৱে, এইবাৰ নাথাকিব কোনো ভি আই পি ব্যৱস্থা। সকলো ভক্তৰ বাবে একে নিয়ম প্ৰযোজ্য হ’ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। পুৱাৰ পৰা সন্ধিয়া ৬ বজালৈহে নাৰ্চাৰী পইণ্টৰ পৰা ভক্তসকলক মন্দিৰলৈ উঠিবলৈ দিয়া হ’ব। সন্ধিয়া ৬ বজাৰ পিছত পাহাৰলৈ উঠাৰ অনুমতি নাথাকিব।
ইফালে, বাহিৰৰ পৰা অহা ভক্তসকলৰ সুবিধাৰ বাবে পাণ্ডু, ভূতনাথ আৰু মালিগাঁও অঞ্চলত বিশেষ শিবিৰ স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে। অম্বুবাচী মেলাক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ গুৱাহাটীত আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে।
ডিজিটেল ডেস্ক, ২৬ মে’