নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰা অভয়াৰণ্য আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ

অসম গৌৰৱ এশিঙীয়া গঁড়ৰ অন্যতম আৱাসস্থলী পবিতৰা অভয়াৰণ্য আজিৰে পৰা দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা হৈছে। বাৰিষাৰ আগমনৰ লগে লগে অভয়াৰণ্যখনৰ অন্তৰ্ভাগৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে।

অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া উজ্জ্বল চৌধুৰীয়ে জনোৱা মতে, বৰষুণৰ ফলত জীপ ছাফাৰি আৰু হাতী ছাফাৰিত অসুবিধা সৃষ্টি হোৱাৰ কাৰণেই পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে পবিতৰাৰ দুৱাৰ।

পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত পৰ্যটকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ২০২৪-২৫ বৰ্ষত প্ৰায় ৩২ হাজাৰ দেশী পৰ্যটক আৰু ৮৫৬জন বিদেশী পৰ্যটকে অভয়াৰণ্য ভ্ৰমণ কৰিছিল। সেই সময়ছোৱাত প্ৰায় ৬২ লাখ টকা ৰাজহ সংগ্ৰহ হৈছিল।

আনহাতে, ২০২৫-২৬ বৰ্ষত দেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাই ৩৩ হাজাৰ ৭২৬জনলৈ উন্নীত হয় যদিও বিদেশী পৰ্যটকৰ সংখ্যা ৬৩৮জনলৈ হ্ৰাস পাইছে। তথাপিও এই সময়ছোৱাত পবিতৰাই প্ৰায় ৮২ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

পৰিভ্ৰমী পক্ষীৰ কল-কাকলিৰে মুখৰিত পবিতৰা অভয়াৰণ্যত আগন্তুক বাৰিষা বন্যপ্ৰাণী সংৰক্ষণ আৰু এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে বন বিভাগে। বনাঞ্চলত বাস কৰা বন্যজন্তুসমূহৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে।

ডিজিটেল ডেস্ক, ২৬ মে’

You might also like