নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-2026 : স্বপ্নভংগ হায়দৰাবাদৰ, কোৱালিফায়াৰ-২ত ৰাজকীয় প্ৰৱেশ ৰাজস্থানৰ

‘সূর্য’ৰ উত্তাপত ভস্মীভূত ‘ছান’ৰ সপোন৷ ছানৰাইজার্ছ হায়দৰাবাদৰ দ্বিতীয়খন কোৱালিফায়াৰত প্রৱেশ কৰাৰ স্বপ্ন ধূলিসাৎ কৰিলে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে৷

প্রতিযোগিতাখনৰ এলিমিনেটৰ মেচখনত ৰাজস্থানে ছানৰাইজার্ছ হায়দৰাবাদক ৪৭ ৰানত পৰাস্ত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰে৷ ৰিয়ান বাহিনীয়ে অহা শুকুৰবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰে মুখামুখি হ’ব৷

মেচখনত ৰাজস্থানৰ জয়ৰ মূলতে হ’ল বৈভৱ সূর্যবংশীৰ বিস্ফোৰক বেটিং আৰু জ’ফ্রা আর্চাৰৰ বিধ্বংসী বলিং৷ ৰিয়ান বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৪৪ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জ’ফ্রা আর্চাৰ আৰু ৰবীন্দ্র জাদেজাৰ চমকপ্রদ বলিঙৰ সন্মুখত ছানৰাইজার্ছে ১৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৬ ৰান কৰে৷

দলটোৰ হৈ সর্বাধিক ৩৮ ৰান কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে৷ সলিল আৰোৰাই ৩৫ আৰু ঈশান কিশনে ৩৩ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰদ্বয় অভিষেক শর্মাই ০ আৰু ট্রেভিছ হেডে ১৭, স্মৰণ ৰবীচন্দ্রনে ১ আৰু ক্লাছেনে ১৮ ৰান কৰি বিদায় লয়৷

ৰাজস্থানৰ হৈ আর্চাৰে সর্বাধিক ৩টা উইকেট লাভ কৰাৰ লগতে জাদেজা আৰু সুশান্ত মিশ্রই ২টাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি বৈভৱ সূর্যবংশীৰ ২৯ বলত বিস্ফোৰক ৯৭ আৰু ধ্রুৱ জুৰেলৰ ৫০ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৪৩ ৰান সংগ্রহ কৰে৷

বৈভৱৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু ১২টা ছয়৷ ১৬টা বলত অর্ধশতক অর্জন কৰা বৈভৱে আইপিএলৰ এটা ছিজনত সর্বাধিক ছিক্সাৰ কোবাই ১৪ বছৰ পূর্বে ক্রিছ গেইলে এটা ছিজনত সর্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখটো ভংগ কৰে৷

গেইলে ২০১২ চনত ৫৯টা ছিক্সাৰ কোবাইছিল৷ বৈভৱে চলিত আইপিএলত এতিয়ালৈকে ৬৫টা ছিক্সাৰ কোবাইছে৷ বৈভৱ আৰু জয়ছোৱালে ৮ অভাৰত ১২৫ ৰান কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷

জয়ছোৱালে ২৯ ৰান কৰি বিদায় লয়৷ ইফালে, জুৰেলে ২১টা বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৫০ ৰানৰ অৱদান আগবঢ়ায়৷ অধিনায়ক ৰিয়ানে ১২টা বলত ২৬ ৰান কৰে৷ ফেৰেইৰাই ১২ আৰু জাদেজাই অপৰাজিতভাৱে ১২ ৰান কৰে৷ ছানৰাইজার্ছৰ হৈ প্রফুল হিংগেই সর্বাধিক ৩টা উইকেট লাভ কৰে৷

ডিজিটেল ডেস্ক, ২৮ মে’

You might also like