নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত পৱিত্ৰ ঈদ-উল-আজহা উদযাপন

দেশ-বিদেশৰ মুছলিম সমাজৰ সৈতে সংগতি ৰাখি বৰাক উপত্যকাৰ হাইলাকান্দি জিলাজুৰি ধৰ্মীয় ভাবগম্ভীৰতা সম্প্ৰীতি আৰু উৎসৱমুখৰ পৰিৱেশত পৱিত্ৰ ঈদুল আজহা উদযাপন কৰা হয়।

বৃহস্পতিবাৰে পুৱাৰ পৰাই জিলাখনৰ বিভিন্ন ঈদগাহ আৰু মছজিদত মুছল্লীসকলৰ ব্যাপক সমাগম দেখা যায়। নতুন পোছাক পৰিধান কৰি শিশু, যুৱক, বৃদ্ধসহ সকলো শ্ৰেণীৰ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। হাইলাকান্দি চহৰৰ টাউন ঈদগাহৰ লগতে লালা, আলগাপুৰ, কাটলিছড়া, দক্ষিণ হাইলাকান্দি আৰু জিলাখনৰ বিভিন্ন গ্ৰাম্য অঞ্চলতো শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ আদায় কৰা হয়।

হাইলাকান্দি টাউন ঈদগাহত বিপুল সংখ্যক ধৰ্মপ্ৰাণ মুছল্লীৰ উপস্থিতিত অতি সুশৃংখল আৰু শান্তিপূৰ্ণ পৰিৱেশত ঈদৰ জামাত অনুষ্ঠিত হয়।নামাজৰ অন্তত দেশ ৰাজ্য তথা সমগ্ৰ মানৱজাতিৰ শান্তি সম্প্ৰীতি আৰু কল্যাণ কামনাৰে বিশেষ মোনাজাত কৰা হয়।

ইয়াৰ উপৰিও বিশ্বশান্তি, ভ্ৰাতৃত্ববোধ আৰু সৌহাৰ্দ্য প্ৰতিষ্ঠাৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে মুছল্লীসকলে।ঈদুল আজহাৰ মূল শিক্ষা হৈছে ত্যাগ আৰু কোৰবানি। সেই শিক্ষাক সন্মুখত ৰাখিয়েই ধৰ্মপ্ৰাণ মুছলিমসকলে পশু কোৰবানি দি মহান আল্লাহৰ সন্তুষ্টি লাভৰ চেষ্টা কৰে। পৱিত্ৰ এই উৎসৱে মানৱতা আত্মত্যাগ আৰু পাৰস্পৰিক সহমৰ্মিতাৰ বাণী বহন কৰে বুলি মত প্ৰকাশ কৰে বিশিষ্ট ব্যক্তিসকলে।

হাইলাকান্দি টাউন ঈদগাহত ঈদৰ নামাজ আদায় কৰে আলহাজ তৈয়বুৰ ৰহমান লস্কৰে। এই সময়ত উপস্থিত আছিল হাইলাকান্দি টাউন ঈদগাহ কমিটীৰ কাৰ্যকৰী সভাপতি ইকৰাম ৰছুল লস্কৰ, সম্পাদক ইকৰামুল ইছলাম মাঝাৰভূঞাসহ ঈদগাহ কমিটীৰ আন সদস্যসকল।

এইদিনা ঈদগাহৰ কাৰ্যকৰী সভাপতি ইকৰাম ৰছুল লস্কৰে কয় পৱিত্ৰ ঈদুল আজহা কেৱল কোৰবানিৰ উৎসৱ নহয় ই ত্যাগ ভ্ৰাতৃত্ব আৰু মানৱতাৰ শিক্ষা দিয়ে। সকলো ভেদাভেদ পাহৰি সমাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ।

আনহাতে সম্পাদক ইকৰামুল ইছলাম মাঝাৰভূঞাই কয় প্ৰতি বছৰৰ দৰে এইবাৰো শান্তিপূৰ্ণ আৰু সুশৃংখল পৰিৱেশত ঈদৰ নামাজ সম্পন্ন হৈছে। সকলোৰে সহযোগিতাত ঈদৰ জামাত সুন্দৰভাৱে অনুষ্ঠিত হোৱাত আমি কৃতজ্ঞ। ঈদৰ এই আনন্দ সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত বিয়পি পৰক।

ইফালে পৱিত্ৰ ঈদুল আজহা উপলক্ষে জিলাখনৰ বিভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰে প্ৰশাসনে। শান্তিপূৰ্ণভাৱে উৎসৱ উদযাপনৰ লক্ষ্যৰে আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।সৰ্বোপৰি ধৰ্মীয় ভাবগম্ভীৰতা সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰ পৰিৱেশত আনন্দঘনভাৱে হাইলাকান্দি জিলাজুৰি পৱিত্ৰ ঈদুল আজহা উদযাপন কৰা হয়।

ডিজিটেল ডেস্ক, ২৮ মে’

You might also like