আজি দ্বিতীয় কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ–গুজৰাট টাইটানছৰ মুখামুখি
ডিজিটেল ডেস্ক, ২৯ মে’ : অন্তিম পর্যায়ত উপনীত হৈছে চলিত ছিজনৰ আইপিএল৷ প্রায় দুমাহ ধৰি চলা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ আজি হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ৷ নিউ চণ্ডীগড়ত হ’বলগীয়া এই হাইভল্টেজ মেচখনক লৈ অধীৰ আগ্রহেৰে বাট চাই আছে অনুৰাগী৷
আজিৰ মেচখনত সকলোৰে মূল কেন্দ্রবিন্দু হ’ব চাঞ্চল্যকৰ যুৱ বিস্ফোৰক বেটাৰ বৈভৱ সূর্যবংশী৷ চলিত আইপিএলত ইখনৰ পিছত সিখন মেচত অভিলেখ গঢ়া বৈভৱ আজিৰ মেচখনতো বিপক্ষ দলটোৰ মূৰৰ কামোৰণি হৈ পৰাৰ অধিক সম্ভাৱনা আছে৷ বুধবাৰে ছানৰাইজার্ছৰ বিৰুদ্ধে খেলা এলিমিনেটৰ মেচখনত সন্ত্রাস সৃষ্টি কৰি বৈভৱে ৰাজস্থানক দ্বিতীয় কোৱালিফায়াৰত প্রৱেশ কৰাত মূখ্য ভূমিকা গ্রহণ কৰিছিল৷ আজিও বৈভৱৰ কান্ধত ধৰি প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰাৰ সপোন দেখিছে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে৷ ১৫ বছৰীয়া বৈভৱৰ পৰা আজিও বিস্ফোৰক ইনিংছ আশা কৰিছে দলটোৰ অধিনায়ক ৰিয়ান পৰাগে৷
প্রতিযোগিতাখনৰ উদ্বোধনী সংস্কৰণৰ চেম্পিয়ন ৰাজস্থানে সুদীর্ঘ ১৮ বছৰ ধৰি প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰিব পৰা নাই৷ দীর্ঘদিনীয়া এই ব্যর্থতাৰ ধাৰা ভংগ কৰাৰ লক্ষ্য লৈছে ৰিয়ান বাহিনীয়ে৷ বৈভৱৰ লগতে যশস্বী জয়ছোৱাল আৰু ধ্রুৱ জুৰেলৰ পৰাও বিস্ফোৰক ইনিংছ আশা কৰিছে দলটোৰ অধিনায়কগৰাকীয়ে৷
ইফালে, গুজৰাট টাইটানছেও প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰাৰ বাবে ৰাজস্থানৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ আজিৰ মেচখনত শুভমন গিল বাহিনীৰ একমাত্র লক্ষ্য হ’ল বৈভৱ সূর্যবংশীক আগতীয়াকৈ বিদায় দিয়া৷ ইয়াৰ বাবে পৃথক ৰণনীতি প্রস্তুত কৰিছে গুজৰাটে৷ দলটোৰ তাৰকা পেচ বলাৰ কাগিছো ৰাবাডাই বৈভৱৰ প্রত্যাহ্বান গ্রহণৰ বাবে সম্পূর্ণৰূপে সাজু থকা বুলি মন্তব্য কৰিছে৷ দুয়ো দলৰ মাজৰ বিগত মেচখনত বৈভৱে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷ মাত্র ৬ ৰান কৰি বৈভৱে মহম্মদ ছিৰাজৰ বলত পেভিলিয়মুখী হৈছিল৷ এইবাৰো বৈভৱৰ বাবে একেই ৰণনীতি তৈয়াৰ কৰিব গুজৰাটে৷
আজিৰ মেচখন সন্দর্ভত গুজৰাটৰ অধিনায়ক গিলে কয় যে ৰাজস্থানৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ হ’লে আমি পৃথক পৃথক ৰণনীতি তৈয়াৰ কৰিব লাগিব৷ আমাৰ একমাত্র লক্ষ্য হ’ল বৈভৱক ৰোধ কৰা৷ তেওঁক আগতীয়াকৈ বিদায় দিব পাৰিলে মেচখনৰ ফলাফল আমাৰ ফালে আহিব৷ আশা ৰাখিছোঁ সাই সুদর্শন আৰু জ’ছ বাটলাৰে নিজৰ ছন্দ দাঙি ধৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব৷ খেলৰ সময় : নিশা ৭.৩০ বজা৷