সম্পাদকীয় : নাৰীৰ সমমর্যাদা আৰু সুৰক্ষা
নাৰী আৰু পুৰুষে মিলিয়েই সমাজখন৷ কেৱল মানুহৰেই নহয়, অন্যান্য জীৱ–জন্তুৰ ক্ষেত্রতো ই সঁচা৷ কিন্তু মানুহৰ সমাজত নাৰী-পুৰুষৰ অনুপাত প্রায় সমান৷ পুৰুষৰ অর্ধেক অংশ নাৰী৷ সেইবাবেই নাৰীক ‘অর্ধআকাশ’ বুলি কোৱা হয়৷ কিন্তু আমাৰ সামজিক আৰু ব্যক্তিগত জীৱনতো নাৰী–পুৰুষৰ অৱস্থান সমানুপাতিক নহয়৷ এই বৈষম্য পিছে আজিৰ নহয়৷ মানুহে সমাজ পাতি বসবাস কৰিবলৈ লোৱাৰ পৰাই চলি আহিছে এই বৈষম্য৷ মানুহে সমাজ পাতি বসবাস কৰিবলৈ লোৱাৰ মূলতে আছিল জীৱনৰ মৌলিক প্রয়োজনৰ নিশ্চয়তা আহৰণ৷ সেই মৌলিক প্রয়োজন পূৰণৰ বাবে তেওঁলোকে নিজকে উৎপাদনৰ সৈতে জড়িত কৰিবলগীয়া হৈছিল৷ নাৰী–পুৰুষ উভয়েই প্রথমতে উৎপাদনৰ কামত জড়িত হৈ পৰিছিল৷ সময়ত সেই উৎপাদনে আনি দিছিল সমৃদ্ধি আৰু সমৃদ্ধিয়ে আনি দিছিল ক্ষমতা৷ প্রথমতে ব্যক্তিগত পর্যায়ত এই ক্ষমতাৰ প্রয়োগ হ’বলৈ ধৰিলে৷ শাৰীৰিকভাৱে দুর্বল হোৱাৰ লগতে ল’ৰা–ছোৱালীৰ আবদাৰ কৰাৰ বাবে নাৰীসকল কেৱল ঘৰুৱা কামতে নিয়োজিত হ’বলৈ ধৰিলে৷ কষ্টকৰ উৎপাদনৰ কামত পুৰুষসকল জড়িত হৈ থাকিবলগীয়া হোৱাত তেওঁলোকৰ আলপৈচান ধৰাৰ দায়িত্ব আহি পৰে মহিলাসকলৰ ওপৰত৷ লাহে লাহে উৎপাদনৰ ক্ষেত্রখনৰ পৰা বিচ্ছিন্ন হৈ পৰিবলৈ ধৰাত মহিলাসকলৰ ক্ষমতা টুটি আহিবলৈ ধৰে৷ বাঢ়িবলৈ ধৰে পুৰুষগৰাকীৰ আধিপত্য৷ তেনেদৰেই ব্যক্তিগত পর্যায়ৰ পৰাই পুৰুষৰ আধিপত্যই সামাজিক ক্ষেত্রখনকো স্পর্শ কৰে৷ সামাজিক পর্যায়তো ‘জোৰ যাৰ মুলুক তাৰ’ নীতিৰে একোগৰাকী সামাজিক মুৰব্বীৰ সৃষ্টি হ’ল৷ এনেদৰেই একোটা ফৈদৰ পৰিধি বিস্তৃত হৈ একোখন গাঁও হ’ল, গাঁৱৰ পৰিধি বাঢ়ি ৰাজ্য হ’ল, ৰাজ্য গৈ সাম্রাজ্য হ’ল৷ সকলো ক্ষেত্রতেই কিন্তু ক্ষমতাৰ বাঘজৰীডাল পুৰুষৰ হাততেই থাকিল৷ নাৰীসকল য’তে আছিল তাতেই থাকি গ’ল৷ এয়া এখন সামগ্রিক চিত্র৷ তাতো পিছে ব্যতিক্রম নথকা নহয়৷ কিন্তু যুগ যুগ ধৰি নাৰীৰ অৱস্থানৰ বিশেষ উন্নতি নহ’ল৷ সভ্যতাৰ অগ্রগতিৰ লগে লগে নাৰী মুক্তিৰ বাবে আন্দোলনো হ’ল৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত নাৰী দিৱসো পালন কৰিবলৈ লোৱা হ’ল৷ একাংশ নাৰীবাদীৰ সৃষ্টি হ’ল৷ তেওঁলোকে বিচাৰিলে এই পৰিস্থিতিৰ আমূল পৰিৱর্তন৷ কিন্তু কার্যতঃ বিবাদ–বিতর্কৰ বাহিৰে বিশেষ একো নহ’ল৷ সামাজিক অগ্রগতিৰ লেখেৰে নাৰীৰ অগ্রগতিৰ হাৰ তেনেই নগণ্য বুলি ক’ব পাৰি৷ এইক্ষেত্রত কেৱল পুৰুষসকলেই যে দায়ী তেনে নহয়, যুগ যুগ ধৰি অৱদমিত হৈ থকাৰ ফলত তেওঁলোকৰ সামগ্রিক মানসিকতাই যেন চাপগ্রস্ত হৈয়ে থাকিল৷ পুৰুষপ্রধান সমাজখনে গঢ় দিয়া কিছুমান নীতি–নিয়মৰ ঊর্ধ্বলৈ গৈ নিজৰ মত প্রকাশৰ সাহস যেন নোহোৱা হৈ থাকিল৷ বিশেষকৈ তৃতীয় বিশ্ব দেশসমূহত এই ছবিখন অধিক স্পষ্ট৷ ভাৰতবর্ষও তাৰ ব্যতিক্রম নহয়৷ চৰকাৰে বিভিন্ন আইন–কানুন প্রৱর্তন কৰিলেও মানুহৰ মানসিকতাৰ পৰিৱর্তন নোহোৱাৰ ফলত এই আইন–কানুনবোৰ ষোল্লঅনাই ফলপ্রসূ হোৱা নাই৷ আচলতে মানুহৰ মানসিকতাৰ পৰিৱর্তন ঘটিলে এনে আইন–কানুনৰ প্রয়োজনেই নাথাকে৷ তেনে নোহোৱাৰ ফলতেই আজি নাৰী সমাজ বহু পৰিমাণে লাঞ্ছিতা আৰু বঞ্চিত৷ এতিয়াও বহুক্ষেত্রত নাৰীসকল পুৰুষৰ যেন ভোগৰ সামগ্রীয়েই হৈ আছে৷
এই পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা মুক্তি দিবলৈ চৰকাৰে কিছুমান পদক্ষেপ ল’বলগীয়া হয়৷ তেনে কৰিবলৈ যাওঁতে গণতান্ত্রিক প্রক্রিয়াক অনুসৰণ কৰিবলগীয়া হয় চৰকাৰে আৰু একেই প্রক্রিয়াৰে বিৰোধী পক্ষয়ো নিজৰ মতামত দি এই পদক্ষেপৰ প্রতি সঁহাৰি জনাব লাগে৷ চৰকাৰৰ সকলো পদক্ষেপেই যে সমানেই গ্রহণযোগ্য হ’ব তেনে কথাও নাই৷ যিবোৰ গ্রহণযোগ্য নহয় তাক যুক্তিসহকাৰে প্রত্যাখ্যান কৰিব পাৰে বিৰোধীয়ে আৰু যিবোৰ গ্রহণীয় তাক নিৰ্দ্বিধাই সন্মতি জনাব পাৰে৷ কিন্তু তাকে নকৰি বিৰোধিতাৰ নামত বিৰোধিতা কৰাটো গণতন্ত্রৰ বাবে ভাল কথা নহয়৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিজৰ পূর্ব প্রতিশ্রুতি অনুসৰি সদনত ‘সমৰূপ নাগৰিক সংহিতা’ বা চমুকৈ ইউচিচি উত্থাপন কৰাত যি বিতর্কৰ সৃষ্টি হ’ল সদনৰ মজিয়াত, সেয়া নিশ্চয়কৈ চিন্তনীয়৷ ৰাজ্যত বহুবিবাহ নিষিদ্ধ, একত্র বাসৰ (লিভ ইন) সম্পর্ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্রদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সমমর্যাদা তথা সমধিকাৰ নিশ্চিত কৰিবলৈ এই বিধেয়কখন উত্থাপন কৰা হয়৷ অৱশ্যে বহু দশক ধৰি ই এটা ৰাজনৈতিক বিতর্কৰ বিষয় হৈ আছিল৷ ভাৰতীয় সংবিধানৰ ৪৪ অনুচ্ছেদত যি সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ কথা কোৱা হৈছিল তাৰ ভিত্তিতে এই বিধেয়কখন যুগুত কৰা বুলি চৰকাৰী পক্ষই যুক্তি দিছে৷ এই আইনে নিশ্চিত কৰিব বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ–পোষণ আদি বিষয়ত সকলোৰে সমধিকাৰ৷ ১৮ বছৰ পূৰ নৌহওঁতেই বিয়া দিয়া কন্যা সন্তান, কম বয়সতে ৩–৪টা সন্তানৰ মাতৃ হ’বলগীয়া হোৱা যুৱতী, বিবাহ বিচ্ছেদে জীৱনলৈ অন্ধকাৰ নমোৱা মাতৃ, পিতৃৰ সম্পত্তিৰ ভাগ নোপোৱা কন্যা সন্তান, একত্র বাসত থাকি প্রতাৰণাৰ বলি হ’বলগীয়া হোৱা যুৱতীসকলক ন্যায় দিবলৈ বিচৰা হৈছে এই আইনত৷ এনে এখন বিধেয়কৰ ক্ষেত্রত হোৱা আলোচনা বা বিতর্কত বিৰোধী পক্ষৰ যি মন্তব্য শুনিবলৈ পোৱা গ’ল সেয়া নিশ্চয়কৈ চিন্তনীয়৷ অৱশ্যে এই আইনখনৰ ক্ষেত্রত কাৰিকৰী দিশত কিবা যদি আসোঁৱাহ চকুত পৰে তাক আঙুলিয়াই দিয়াটো নিশ্চয়কৈ আদৰণীয়৷ কিন্তু তাকে নকৰি কেৱল সংকীর্ণ চিন্তা কিছুমানেৰে যুক্তি প্রদর্শন কৰিবলৈ আগবঢ়াটোক ৰাজ্যখনৰ সাধাৰণ নাগৰিকেও লক্ষ্য কৰি আছে৷ আনকি, এগৰাকী মহিলা বিধায়কেও বঞ্চিত আৰু লাঞ্ছিত মহিলাসকলৰ মর্মবেদনা বুজিবলৈ চেষ্টা নকৰি যুক্তিৰ খাতিৰত যুক্তি প্রদর্শন কৰাটোক সচেতন নাগৰিকেও সমালোচনা কৰিছে৷ ধৰ্ম আৰু সামাজিক বৈষম্যৰ বলি হৈ একোগৰাকী মহিলাই কিদৰে প্রতিকূল পৰিস্থিতিৰ সৈতে যুঁজি যুঁজি জীয়াই থাকিবলগীয়া হয়, সেই যাতনা ভুক্তভোগীগৰাকীয়েহে ভালদৰে বুজিব পাৰে৷ সেইবাবে বিষয়টোক সামাজিক বা ধৰ্মীয় দিশেৰে পর্যবেক্ষণ কৰি জটিলতা বৃদ্ধি কৰাতকৈ ইয়াক মানৱীয় দৃষ্টিভংগীৰে উপলব্ধি কৰি পর্যালোচনা কৰাটোহে উচিত আছিল৷ অৱশ্যে বিধেয়কখন সদনত গৃহীত হয়৷ কিন্তু এই বিধেয়কখনক লৈ বিৰোধী পক্ষৰ স্থিতিয়ে সচেতন লোকৰ মনত বহু প্রশ্ণৰ সৃষ্টি কৰিছে৷ পুৰুষসকলে মহিলাৰ সুৰক্ষা আৰু মর্যাদাৰ কথাটোত আপোচ কৰি মধ্যযুগীয়া মানসিকতাৰ পৰিচয় দিলে সমাজৰ প্রগতি লেহেমীয়া হ’বলৈ বাধ্য, তাতে যদি একাংশ মহিলায়ো হাত উজান দিয়ে, তেন্তে তাতকৈ দুর্ভাগ্যৰ কথা কি হ’ব পাৰে? সেইবাবেই এনেধৰণৰ সংকীর্ণতাৰ ঊর্ধ্বত চিন্তা–চর্চা কৰা দল–মত–ধর্ম নির্বিশেষে সকলো লোকেই এই বিধেয়কখন গৃহীত হোৱাত সন্তুষ্টি প্রকাশ কৰা দেখিবলৈ পোৱা গৈছে৷ এখন সুস্থ, ন্যায়ভিত্তিক আৰু সুৰক্ষিত সমাজ গঢ়াৰ ক্ষেত্রত চৰকাৰৰ এই পদক্ষেপে সুদূৰপ্রসাৰী ইতিবাচক প্রভাৱ পেলাব বুলি আশা কৰিব পাৰি৷