ডিজিটেল ডেস্ক, ২১ জুন : গহপুৰৰ কলাবাৰীত পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বিশিষ্ট বিজ্ঞানী তথা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালী।
পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালীয়ে নিজা ব্যক্তিগত বাহনেৰে লখিমপুৰ পৰা গুৱাহাটীলৈ বুলি আহি থকা অৱস্থাত কলাবাৰী গাঁও পঞ্চায়তৰ সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত গাড়ীৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে ১০৮ জৰুৰীকালীন সেৱাৰ বাহন মাতি গুৰুতৰভাৱে আহত বিশিষ্ট বিজ্ঞানী তথা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালীক প্ৰাথমিক চিকিৎসাৰ বাবে কলাবাৰী আদৰ্শ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।