কৰ্ণাটকৰ ৰাজনীতিত এক বৃহৎ পৰিৱর্তন সংঘটিত হৈছে। ৰাজ্যপাল থাৱৰ চান্দ গেহলটে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে তেওঁৰ নেতৃত্বাধীন মন্ত্ৰীসভাও তৎক্ষণাৎ ভংগ কৰা হৈছে। অৱশ্যে নতুন ব্যৱস্থা গঠন নোহোৱালৈকে সিদ্দাৰামায়াই কাৰ্যবাহী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থাকিব।
২৮ মে’ত সিদ্দাৰামায়াই মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দিছিল। বিগত কেইবাদিন ধৰি কৰ্ণাটকত নেতৃত্ব পৰিৱর্তনক লৈ ৰাজনৈতিক জল্পনা-কল্পনা চলি আছিল। কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশৰ পিছতেই তেওঁ পদত্যাগ কৰে। জানিব পৰা মতে, ইস্তফা দাখিল কৰাৰ সময়ত ৰাজ্যপাল থাৱৰচন্দ গেহলট বেংগালুৰুত উপস্থিত নাছিল। সেইবাবে প্ৰথমে ৰাজভৱনৰ বিষয়াসকলৰ হাতত ইস্তফাপত্ৰ জমা দিয়া হৈছিল।
ইস্তফাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সিদ্দাৰামায়াই কয় যে তেওঁক ৰাজ্যসভালৈ পঠোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ সন্মানসহকাৰে নাকচ কৰে। তেওঁ কয়, “মই ৰাজ্যৰ ৰাজনীতিতেই থাকিব বিচাৰো। ৰাষ্ট্ৰীয় ৰাজনীতিত মোৰ কোনো আগ্ৰহ নাই। বিধায়ক হিচাপে মোৰ কাৰ্যকালৰ এতিয়াও দুবছৰ বাকী আছে আৰু মই জনসাধাৰণৰ সেৱা কৰি যাম।”
২০২৩ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত সিদ্দাৰামায়া দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছিল। এতিয়া তেওঁৰ পদত্যাগৰ লগে লগে দ্বিতীয়টো কাৰ্যকালৰো অন্ত পৰিল।
ইফালে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ নাম সৰ্বাধিক চৰ্চাত আছে। সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ‘ব্ৰেকফাষ্ট বৈঠক’ত সিদ্দাৰামায়াই নিজেই ডি কে শিৱকুমাৰক নিজৰ উত্তৰাধিকাৰী হিচাপে উল্লেখ কৰে। যদিও এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
বিদায়ী ভাষণত সিদ্দাৰামায়াই কয় যে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত কংগ্ৰেছ হাইকমাণ্ড আৰু কংগ্ৰেছ বিধায়ক দলেই গ্ৰহণ কৰিব। তেওঁ কয়, “হাইকমাণ্ড আৰু চিএলপিয়ে যিজন নেতাক নিৰ্বাচন কৰিব, তেৱেঁই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব।”
কংগ্ৰেছ সংগঠনত ডি কে শিৱকুমাৰক এজন শক্তিশালী নেতা হিচাপে গণ্য কৰা হয়। দলীয় সংগঠন পৰিচালনা আৰু সংকট ব্যৱস্থাপনাত তেওঁৰ দক্ষতা বহুদিনৰ পৰাই চৰ্চিত। কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই কয় যে ডি কে শিৱকুমাৰৰ উত্থানে এই কথাই স্পষ্ট কৰিছে যে দলে তেওঁৰ সাংগঠনিক ক্ষমতা আৰু কঠিন পৰিস্থিতি সামলোৱাৰ দক্ষতাক যথেষ্ট গুৰুত্ব দিছে। কৰ্ণাটকৰ উপৰিও আন বহু ৰাজ্যতো তেওঁ দলেৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।
ডিজিটেল ডেস্ক, ২৯ মে’