নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৰীয়াত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ’ৰ, থিতাতে চাৰিজন নিহত

ডিজিটেল ডেস্ক, ২৯ মে’ : শুকুৰবাৰে (২৯ মে’) পুৱা গুৱাহাটীৰ উপকণ্ঠৰ ডিমৰীয়াত অৰুণাচল চৰকাৰৰ ষ্টিকাৰ সংলগ্ন এখন দ্ৰুতগামী বলেৰ’ বাহনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাত ঘটনাস্থলীতে চাৰিগৰাকী লোকৰ মৃত্যু ঘটে।

জাগীৰোড দিশৰ পৰা আহি থকা AR-01Q-0042 নম্বৰৰ দ্ৰুতগামী বলেৰ’ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বলেৰ’খনত থকা আটাইকেইজন আৰোহীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। মৃতসকলৰ ভিতৰত তিনিজন পুৰুষ আৰু এগৰাকী মহিলা আছে। এতিয়ালৈকে নিহতসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাৰ খবৰ পাই ক্ষেত্ৰী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

বাহনখনৰ পঞ্জীয়ন নম্বৰৰ ভিত্তিত নিহতসকল অৰুণাচল প্ৰদেশৰ বাসিন্দা বুলি সন্দেহ কৰা হৈছে। ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

You might also like