ডিজিটেল ডেস্ক, তেজপুৰ, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে তেজপুৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ভাৰতীয় সেনাই শ’লমৰাস্থিত মেঘনা ষ্টেডিয়ামত দ্বাদশ সংখ্যক যোগ দিৱস পালন কৰে।
দেওবাৰে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে সপত্নীক তেজপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শ’লমৰাৰ মেঘনা ষ্টেডিয়ামত যোগ কাৰ্যসূচীত অংশ ল’লে সেনাপ্ৰধানজনে৷
সেনাৰ মেঘনা ষ্টেডিয়ামত আয়োজিত আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত পূৰ্বোত্তৰৰ সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ভিএমবি কৃষ্ণন, তেজপুৰৰ চতুৰ্থ ক’ৰ, মিছামাৰী, শ্বিলং, টাৱাং আদিৰ সেনা বিষয়া, জোৱান, জিলা প্ৰশাসনৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীয়েও অংশ লয়৷