নিয়মীয়া বাৰ্তা, ধুবুৰী, ২১ জুন : সমগ্ৰ দেশ তথা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰীতো দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰা শ্ৰীশ্ৰী গুৰু টেগ বাহাদুৰ সাহেবজীত আজি পুৱা যোগ দিৱসৰ বিশেষ কাৰ্যসূচীত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ ইত্যাদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকে।
বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ ঘটা সেই কাৰ্যসূচীত নিজৰ বক্তব্যত মন্ত্ৰী ৰায় সৰকাৰে উপস্থিত সকলোকে নিয়মিত যোগাভ্যাস কৰি বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জানায়। আজিৰ এই কাৰ্যসূচীত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, জিলা আয়ুক্ত, ধুবুৰী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াসহ সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ উপৰি “আর্ট অৱ লিভিং” আৰু অন্যান্য বিভিন্ন সংগঠনেও যোগাভ্যাসত অংশ লয়।