ডিজিটেল ডেস্ক, ৩০ মে’ : নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়।
হাতীৰ গচকত মৃত্যু হোৱা মৃত লোক দুজনৰ নাম চাহাজ উদ্দিন আৰু হনুফা খাতুন বুলি জনা গৈছে। হনুফা খাতুন নামৰ মহিলাগৰাকীক ঘৰৰ ভিতৰৰ পৰা টানি আনি আক্ৰমণ কৰি নিহত কৰে বুলি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
উল্লেখ্য যে ওৰেনিশা অঞ্চলটোত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আনফালে কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক লৈ কচুৱাত শোকৰ ছাঁ পৰিছে।