নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মার্চলৈ ৮৫ হাজাৰ কর্মচাৰীৰ বদলিত বাধা, লোকপিয়লক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ নির্দেশনা

ডিজিটেল ডেস্ক, ৩০ মে’ : ৰাজ্যত আসন্ন জনগণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সকলোধৰণৰ প্রাৰম্ভিক প্রস্তুতি সম্পন্ন কৰিছে লোকপিয়ল সঞ্চালকালয়ে৷ ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত ৫ বছৰ পলমকৈ অহা ২ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া লোকপিয়লত নিয়োজিত প্রায় ৮৫ হাজাৰ কর্মচাৰীলৈ ইতিমধ্যে বিশেষ নির্দেশনা জাৰি কৰা হৈছে৷ পার্ছনেল বিভাগৰ তৰফৰ পৰা শেহতীয়াকৈ জাৰি কৰা ইচিএফ ৭৬৮৭৫৯/১৫ নম্বৰৰ এক নির্দেশনাযোগে অহা বর্ষৰ ৩১ মার্চপর্যন্ত বদলিত বাধা–নিষেধ আৰোপ কৰিছে লোকপিয়লৰ দায়িত্ব দিয়া এই প্রায় ৮৫ হাজাৰ কর্মচাৰীৰ৷

প্রধানতঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ জৰুৰী পত্রৰ পিছতে সাধাৰণ প্রশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ কর্মচাৰী বিভাগে উক্ত নির্দেশনা প্রেৰণ কৰে৷ নির্দেশনাটোৰ লগত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পত্রখনো সংলগ্ণ কৰি দিয়া হৈছে৷ পত্রখনত উল্লেখ কৰা মতে, দেশৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমতো লোকপিয়ল আইন–১৯৪৮ আৰু লোকপিয়ল অধিনিয়ম–১৯৯০ৰ অধীনত জনগণনা প্রক্রিয়া সম্পন্ন হ’ব৷ নির্ধাৰিত সূচী অনুসৰি ২ আগষ্টৰ পৰা ১৬ আগষ্টপর্যন্ত প্রতিটো পৰিয়ালৰ বিপৰীতে স্বগণনাৰ এক বিশেষ সময়সীমা স্থিৰ কৰা হৈছে৷ এই প্রক্রিয়াত আৰম্ভণিৰ দিনাই অর্থাৎ ২ আগষ্টতে মুকলি কৰি দিয়া হ’ব এটা ম’বাইল প’র্টেল৷ য’ত জনসাধাৰণে নিজেই লগ–ইন কৰি পৰিয়ালৰ সদস্য সংখ্যা, শিক্ষা, জীৱিকা, ঘৰৰ পৰিৱেশ–পৰিস্থিতি আদিৰ তথ্য দাখিল কৰিব পাৰিব৷ ইয়াৰ ১৫ দিন পাছত অর্থাৎ ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে জনসাধাৰণৰ ঘৰে ঘৰে গৈ দাখিল কৰা তথ্য সন্দর্ভত জৰীপ চলাব৷ ১৫ ছেপ্টেম্বৰলৈকে তথ্য পৰীক্ষাৰ কাৰণে ইতিমধ্যে প্রায় ৮৩,৫৩৫জন কর্মচাৰী নিযুক্তি দিয়া হৈছে৷ তদুপৰি ১,১০৯ ফিল্ড ট্রেইনাৰ আৰু ৫৯জন মাষ্টাৰ ট্রেইনাৰকো দায়িত্ব অর্পণ কৰিছে লোকপিয়ল সঞ্চালকালয়ে৷

ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা গণনাকাৰী কর্মচাৰীসকলৰ প্রশিক্ষণ আৰম্ভ হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে লোকপিয়লৰ সম্পূর্ণ প্রক্রিয়াটো এইবাৰ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হ’ব৷ প্রথম পর্যায়ত হ’বলগীয়া গৃহ তালিকা প্রণয়নত থাকিব ৩৩টা প্রশ্ণ৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এই প্রশ্ণসমূহ প্রস্তুত কৰা হৈছে৷ য’ত অন্তর্ভুক্ত হৈছে ম’বাইল ফোন, লেপটপ, ইণ্টাৰনেটৰ পৰা চাইকেল–বাইক সম্পর্কীয় বিষয়সমূহো৷ মূলতঃ কিধৰণৰ খাদ্যশস্য পৰিয়ালসমূহৰ ঘৰত ব্যৱহূত হয় সেই বিষয়েও গণনাকাৰী কর্মচাৰীসকলে তথ্য সংগ্রহ কৰিব৷ অকল সেয়াই নহয়, ইন্ধনৰ পৰা পানীৰ পর্যাপ্ত সুবিধা, ঘৰৰ নম্বৰ–অৱস্থা–মজিয়া মাটিৰ নে কংক্রিটৰ আদিও এই প্রশ্ণৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ কোনখন ঘৰত কিমানজন লোকে বাস কৰে তেওঁলোক বিবাহিত নে অবিবাহিত সেয়াও গণনাত নিয়োজিত কর্মচৰীসকলে জৰীপকালত জানিব বিচাৰিব৷ তদুপৰি পৰিয়ালটোৰ মুৰব্বীজনৰ পৰা সংগ্রহ কৰিব তেওঁৰ ম’বাইল নম্বৰ৷ অৱশ্যে ম’বাইল নম্বৰ লোকপিয়ল সংক্রান্তীয় কামৰ বাবে লোৱা হ’ব বুলি কোৱা হৈছে৷

মন কৰিবলগীয়া যে এইবাৰৰ লোকপিয়লত জনসাধাৰণৰ বাসগৃহসমূহৰো জিঅ’ টেগিং কৰাৰ লগতে প্রতিটো ঘৰৰ পৰিচয়সূচক নম্বৰ প্রদান কৰা হ’ব৷ প্রথম পর্যায়ৰ এই প্রক্রিয়াটো সম্পন্ন হোৱাৰ পিছতে আগন্তুক ২০২৭ চনৰ ফেব্রুৱাৰী মাহত আৰম্ভ হ’ব দ্বিতীয় পর্যায়৷ তেতিয়া জনসাধাৰণৰ আর্থ–সামাজিক অৱস্থা তথা সংস্কৃতিসহ বিভিন্ন তথ্য সংগ্রহ কৰা হ’ব৷ এইবাৰ লোকপিয়লৰ উপৰি সামাজিক অৱস্থা আৰু জাতিগত গণনাসহ গৃহ পিয়লো অন্তর্ভুক্ত কৰা হৈছে৷ জাতিগত পিয়লৰ বাবে সম্প্রতি চলি আছে মডেলিটী প্রস্তুতৰ কাম৷ এই পর্যায়ত ৰাজ্যবাসীৰ বয়স, লিংগ, বৃত্তি, স্বাক্ষৰতা আৰু জাতিগত সবিশেষসহ ব্যক্তিগত তথ্যসমূহো আহৰণ কৰা হ’ব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১১ চনৰ পাছত ২০২১ চনতে দেশত লোকপিয়ল হ’ব লাগিছিল৷ কিন্তু ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত সেয়া সম্ভৱপৰ নহ’ল৷ ইতিমধ্যে দেশৰ একাংশ ৰাজ্যত যোৱা এপ্রিল মাহতে লোকপিয়লৰ প্রথম পর্যায়ৰ কাম সম্পন্ন হৈছে৷ কিন্তু বিধানসভা নির্বাচনৰ কাৰণে অসমত ইয়াৰ সময়সূচী পিছুৱাই দিয়া হৈছিল৷ লোকপিয়ল সঠিকভাৱে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষই ৰীয়েল টাইম অর্থাৎ তাৎক্ষণিকভাৱে পর্যবেক্ষণৰ সুবিধার্থে ব্যাপক পৰিসৰত প্রযুক্তিগত পৰিকাঠামো গঢ়ি তুলিছে৷ তাৰ অংশস্বৰূপেই কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পত্রৰ আধাৰত লোকপিয়লত নিয়োজিত কর্মচাৰীসকলৰ বদলিত উক্ত নিষেধাজ্ঞা জাৰি কৰিছে বুলি দিছপুৰৰ এক শীর্ষ সূত্রত প্রকাশ৷

You might also like