নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপলৈ দল ঘোষণা বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ

ডিজিটেল ডেস্ক, ৩০ মে’ : আমেৰিকা, কানাডা আৰু মেক্সিকোত অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বাবে দল ঘোষণা কৰিলে বিশ্ব চেম্পিয়ন আর্জেণ্টিনাই৷

আর্জেণ্টিনাৰ মুখ্য প্রশিক্ষক লিঅ’নেল স্কাল’নিয়ে লিঅ’নেল মেছিৰ নেতৃত্বত ২৬জনীয়া আর্জেণ্টিনা দলটো ঘোষণা কৰিছে৷ যোৱা সপ্তাহত হেমষ্ট্রিঙৰ সমস্যাৰ বাবে শেহতীয়াকৈ প্রতিযোগিতাখনত অংশগ্রহণক লৈ উদ্বেগ প্রকাশ কৰাৰ পাছতো বিশ্বকাপত ষষ্ঠবাৰৰ বাবে অংশগ্রহণ কৰিবলৈ সাজু হৈছে মেছি৷ ফিফা বিশ্বকাপত অংশ লোৱাৰ পূর্বে আর্জেণ্টিনাই ৬ জুনত হণ্ডুৰাছ আৰু ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে প্রস্তুতি মেচত ভাগ ল’ব৷ প্রস্তুতি মেচত ভাগ লোৱাৰ পিছতে ডিফেণ্ডিং চেম্পিয়ন দলটোৱে বিশ্বকাপৰ উদ্বোধনী মেচখনৰ পূর্বে নিজৰ বেছ কেম্প কানছাচ চিটীলৈ যাব৷

আসন্ন বিশ্বকাপৰ গ্রুপ জেত স্থান লাভ কৰা আর্জেণ্টিনাই ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷ ঘোষিত দলটোত এলেক্সিছ মেক এলিষ্টাৰ আৰু এনজ’ ফার্ণাণ্ডেজকে ধৰি ৫গৰাকী ব্রিটেইন বংশোদ্ভৱ খেলুৱৈ অন্তর্ভুক্ত কৰা হৈছে৷ ইপিনে, ২০২২ চনৰ চেম্পিয়ন দলটোৰ তাৰকা খেলুৱৈ জুলিয়ান আলভাৰেজ আৰু লউটাৰ’ মার্টিনেজে পুনৰ আর্জেণ্টিনা দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, দলটোত স্থান লাভ কৰাৰ পৰা বঞ্চিত হয় ডাইবালাই৷

You might also like