নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ মে’ : চৰকাৰৰ বেদখল উচ্ছেদক লৈ তৎপৰতাৰ সমান্তৰালকৈ যেন ফেঁপেৰি পাতিছে একাংশ বেদখলকাৰীয়ে৷ শেহতীয়াকৈ খোদ কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা মালিবাৰী সত্ৰ এলেকাত শ শ বিঘা চৰকাৰী ভূমিত একাংশ সন্দেহযুক্ত লোকে অবাধ বেদখল কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে৷
উল্লেখ্য যে নগৰবেৰা ৰাজহ চক্ৰৰ অধীনস্থ মন্দিৰা এন চি এলেকাত প্ৰস্তাৱ মৰ্মে অঞ্চলটোৰ প্ৰাক্তন সেনা বাহিনীৰ জোৱানলৈ বুলি ভূমি সংৰক্ষিত কৰিছিল ৰাজহ বিভাগে৷ সেইমৰ্মে প্ৰাক্তন সৈনিক বহুতকে আবণ্টনো কৰা হৈছিল বুজন পৰিমাণৰ মাটি। পিছে উক্ত মাটিত গোজেই গজালিসদৃশ হৈ একাংশই বছৰ বছৰ ধৰি ঘৰ সাজি বসতি স্থাপন কৰিবলৈ লোৱাত প্ৰাক্তন সৈনিকসকল নাপাট্টা হৈ পৰিল৷ সৈনিকৰ বাবে আবণ্টিত প্ৰায় হাজাৰ বিঘা ভূমিত একাংশ সন্দেহযুক্ত লোকে গাঁও সাজি বেদখল কৰা সত্ত্বেও আজিকোপতি প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সকলো বিবুধিত পৰিছে৷
পূবে মালিবাৰী সত্ৰ (ৰাজবাৰী), পশ্চিমে হাবিলা (শিমলচালী বজাৰ), উত্তৰে পানীখাইতী নদী আৰু দক্ষিণে বৰবাহাগাঁও পৰ্যন্ত প্ৰায় হাজাৰ বিঘা প্ৰাক্তন সৈনিকৰ মাটি আজি বেদখলকাৰীৰ কবলত৷ তাৰ মাজতে আকৌ এটা শক্তিশালী চক্ৰই মাটিবোৰ নিজৰ দখললৈ নি একাংশ দূৰণিবটীয়া লোকলৈ মৌখিক বুজাবুজিৰে বিক্ৰী কৰা বুলিও খবৰ পোৱা গৈছে৷ বিঘাইপতি পাঁচৰ পৰা পোন্ধৰ-বিশ লাখ দৰত উক্ত চৰকাৰী আবণ্টিত মাটিৰ প্ৰায় দুশ-তিনিশ বিঘা ইতিমধ্যে উক্ত হাতদীঘল চক্ৰটিয়ে বিক্ৰী কৰা বুলিও জানিব পৰা গৈছে৷
অৱশ্যে তাৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ সন্দৰ্ভত স্থিতিক লৈ বেদখলকাৰীৰ লগতে ভূমাফিয়া চক্ৰৰো টোপনি নোহোৱা হৈছে বুলিও খবৰ পোৱা গৈছে৷ ৰাইজৰ মনত উদ্ৰেক ঘটা কেতবোৰ প্ৰশ্ন- নগৰবেৰা ৰাজহ চক্ৰ বিষয়াই এনেবোৰ বেদখলৰ তথ্য সন্দৰ্ভত কিমান জ্ঞাত? লগতে প্ৰাক্তন সৈনিক সংস্থা এইক্ষেত্ৰত কিমান তৎপৰ? আগলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধৰণেৰে জৰীপ ভিত্তিত বেদখল উচ্ছেদ কৰি সৈনিকৰ লগতে মালিবাৰী সত্ৰৰ মাটি পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কেনে পদক্ষেপ লয় সেয়াহে লক্ষণীয় |