নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ জাজৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

ডিজিটেল ডেস্ক, ৩১ মে’ : নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজন জাজৰি বগৰীগুৰিৰ ৰিংকু দাস।

অভিযোগ অনুসৰি, মৰিগাঁৱৰ গেৰুৱাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰিংকু দাসৰ। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল। কিন্তু তাৰ পিছতে ঘৰলৈ জীৱিত হৈ উভতি নাহি শৱদেহ হিচাপে ওভতাই অনা হয় ৰিংকুক।

এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল তথা স্থানীয় গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে যে প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰেমিকাৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰিছে ৰিংকুক।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল। উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী জনাইছে পৰিয়াল তথা গাঁওবাসীয়ে।

You might also like