এগৰাকী মহিলা সাংবাদিকক ব্লেকমেইলিং, প্রাণনাশৰ ভাবুকি আৰু সামাজিক মাধ্যমত চৰিত্রহননৰ বাবে এখন দৈনিক বাতৰিকাকতৰ ছাব এডিটৰ দীপক কুর্মীক দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷
মহিলা সাংবাদিকগৰাকীৰ অভিযোগৰ ভিত্তিত কুর্মীক আটক কৰি জেৰা কৰাৰ পিছত ভাৰতীয় ন্যায় সংহিতাৰ ৬৯/৩৫১(৩)/৭৮/৭৭ ধাৰা (গোচৰ নম্বৰ ৪১১/২৬)ত দিছপুৰ থানাই গ্রেপ্তাৰ কৰি কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে৷
আদালতে অভিযুক্ত সাংবাদিকজনক ন্যায়িক জিম্মাত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে৷ কথাশিল্পী হোমেন বৰগোহাঞিৰ ঘৰুৱা সহায়ক সূত্রে সংবাদ মাধ্যমত জড়িত হৈ পৰা কুর্মীয়ে মহিলা সাংবাদিকগৰাকীক দীর্ঘদিন ধৰি ব্লেকমেইলিং কৰাৰ লগতে কার্যালয়লৈ অহাৰ পথত আগচি ধৰি প্রাণে মৰাৰ ভাবুকি দিছিল৷
এই সন্দর্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত কৰি অভিযুক্ত সাংবাদিকজনক গ্রেপ্তাৰ কৰে আৰু ম’বাইল ফোন, লেপটপকে ধৰি বহু আপত্তিজনক নথি জব্দ কৰে৷
ডিজিটেল ডেস্ক, ২২ জুন