নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কাণ্টে, কোন কাণ্টে?

Genius doesn’t need noise’– আধুনিক ফুটবলৰ নীৰৱ নায়ক, বিস্ময়কৰ প্রতিভাৰে উদ্ভাসিত কাণ্টেৰ ক্ষেত্রত এই কথাষাৰি এশ শতাংশই প্রযোজ্য৷ কিন্তু কোন এই কাণ্টে?

…মেছি, ৰ’নাল্ডো, এমবাপে, নেইমাৰ, ভিনিচিয়াছ জুনিয়ৰ, হালণ্ড, কেন, য়ামল, পল’গন, মুছিয়ালৰ দৰে তাৰকা ফুটবলাৰে বিশ্ব ফুটবলৰ মঞ্চ কঁপাই থকা সময়ত এনগোলো কাণ্টেৰ চর্চা কিয় প্রাসংগিক?

অপৰিসীম শক্তি, কঠোৰ পৰিশ্রম আৰু নিৰহংকাৰ ব্যক্তিত্বৰ অধিকাৰী কাণ্টে সম্প্রতি বিশ্ব ফুটবলৰ ক্ষেত্রখনত বর্তমান প্রজন্মৰ সবাতোকৈ সন্মানীয় আৰু প্রিয় ফুটবলাৰ ৰূপে প্রতিষ্ঠিত হৈছে৷

গ্লেমাৰ, আকর্ষণীয় ড্রিবলিং আৰু সামাজিক মাধ্যমত জনপ্রিয়তাই খেলুৱৈৰ শ্রেষ্ঠত্ব নিৰূপণ কৰা সময়তে অত্যন্ত শান্ত তথা নম্র স্বভাৱেৰে বিশ্ব ফুটবলৰ শিখৰত আৰোহণ কৰা খেলুৱৈগৰাকীয়েই এনগোলো কাণ্টে– ফ্রান্সৰ সুদক্ষ মিডফিল্ডাৰ৷

তেওঁৰ সফলতাৰ যাত্রাপথ কাহানিও মসৃণ নাছিল৷ অদম্য মানসিকতাৰে বলীয়ান এইগৰাকী ফুটবলাৰ খর্বকায় হোৱা বাবে বহু আগশাৰীৰ ক্লাবে পোনতে তেওঁক দলত অন্তর্ভুক্ত কৰিবলৈ সন্মত হোৱা নাছিল৷ ১৯৯১ চনত পেৰিছত মালিৰ পৰা অহা দাৰিদ্র্যক্লিষ্ট প্রব্রজনকাৰী পৰিয়ালত কাণ্টেৰ জন্ম৷

শৈশৱত তেওঁ ৰাজপথৰ আৱর্জনা বুটলি লাভ কৰা ধনেৰে পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছিল৷ ফ্রান্সৰ নিম্ন পর্যায়ৰ ক্লাবত খেলি নিজৰ কেৰিয়াৰৰ পাতনি মেলি তেওঁ ক্রীড়া নৈপুণ্যৰ বলত ২০১৫ চনত ইংলিছ প্রিমিয়াৰ লীগৰ ক্লাব লেষ্টাৰ চিটীত যোগদান কৰে৷

ল’ৰালিতে পিতৃহাৰা হোৱা এনগোলোৱে দৈনিক ১০–১২ কিলোমিটাৰ চাইকেল চলাই নিয়মীয়া অনুশীলনলৈ যাবলগীয়া হৈছিল৷ লেষ্টাৰ চিটীক প্রিমিয়াৰ লীগত চেম্পিয়ন কৰোৱাত অনবদ্য অৰিহণা আগবঢ়োৱা কাণ্টেক তেতিয়াৰে পৰাই ফুটবল জগতখনে চিনি পোৱা হ’ল৷

২০১৬ চনত তেওঁ চেলছিৰ হৈ খেলি ধাৰবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে বেলেগ ক্লাবৰ হৈ প্রিমিয়াৰ লীগত বিজয় সাব্যস্ত কৰি ইতিহাস গঢ়িবলৈ সক্ষম হয়৷ চেলছিৰ হৈ তেওঁ ২০২১ চনত চেম্পিয়নছ লীগৰ মুকুট অর্জন কৰাত ঘাই ভূমিকা লয়৷ ফাইনেলত তেওঁ ‘মেন অৱ দ্য মেচ’ বিবেচিত হয়৷

২০২৩ চনত ছৌদি আৰবৰ আল ইট্টিহাদত কেইমাহমান অতিবাহিত কৰাৰ পিছত ২০২৬ চনৰ আৰম্ভণিতে কাণ্টেই তুৰস্কৰ বিখ্যাত ক্লাব ফেনাৰবাছত যোগদান কৰে আৰু খেলপথাৰত নিজৰ দপ্দপনি অব্যাহত ৰাখে৷ ২০১৮ চনত ফ্রান্স বিশ্ব চেম্পিয়ন হোৱাৰ আঁৰত কাণ্টেৰ অৱদান আছিল অসামান্য৷

পল পগ্বা আৰু এনগোলোৰ যুটিয়ে প্রতিপক্ষক নচুৱায়৷ সমগ্র প্রতিযোগিতাখনতে সুনিপুণ ক্রীড়া কৌশলেৰে কাণ্টেই ক্রীড়া বিশেষজ্ঞৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ বর্তমানৰ বিশ্বকাপতো ৩৫ বছৰীয়া অভিজ্ঞ মিডফিল্ডাৰগৰাকী ফ্রান্সৰ অন্যতম গুৰুত্বপূর্ণ স্তম্ভ ৰূপে পৰিগণিত হৈছে৷

‘পৃথিৱীৰ ৭০ শতাংশ পানীয়ে আৱৰি আছে আৰু বাকী ৩০ শতাংশ এনগোলো কাণ্টেই আৱৰি ৰাখিছে৷’ –এয়াই তেওঁৰ সার্থক মূল্যায়ন৷ কাৰণ তেওঁ খেলৰ সময়ত সমগ্র পথাৰখনতে অহৰহ দৌৰি ফুৰাৰ লগতে অদ্ভুত ক্রীড়া নৈপুণ্যৰে প্রতিদ্বন্দ্বীৰো মন মুহিবলৈ সক্ষম হয়৷

দর্শনীয় ডিফেঞ্চিভ মিডফিল্ডিঙেৰে প্রতিপক্ষৰ আক্রমণ প্রতিহত কৰাৰ লগতে বল কাঢ়ি লৈ ক্ষণিকতে নিজৰ দলক আগ্রাসী কৰি তোলাত সিদ্ধহস্ত এনগোলো৷ সমগ্র খেলপথাৰতে একে গতিৰে সম্পূর্ণ ৯০ মিনিট দৌৰি থাকিব পৰা দক্ষতাৰ বাবে ভয়ংকৰ হৈ উঠে কাণ্টে৷

এমবাপেৰ দৰে তাৰকা খেলুৱৈৰ চমকত নিষ্প্রভ হৈ পৰাৰ লগতে খ্যাতিৰ শিখৰত আৰোহণ কৰিও প্রচাৰ মাধ্যমত বিশেষ চকুত নপৰা কাণ্টে দৰাচলতে নম্রতা আৰু আড়ম্বৰহীনতাৰ মূর্ত প্রতীক৷ কোটি কোটি টকা উপার্জন কৰা সত্ত্বেও সাধাৰণ জীৱন কটায় তেওঁ৷

আর্তজনক সহায় কৰা মানৱদৰদী হিয়াৰ গৰাকী সৰলমনা কাণ্টেই দীর্ঘদিন ধৰি এখন মিনি ছুপাৰ গাড়ী চলাইছিল৷ অনুৰাগীৰ সৈতে বিনম্রতাৰে কথা পতা আৰু সলাজ হাঁহিৰে উজলি থকা কাণ্টে সুকীয়া পৰিচয়েৰে সমুজ্জ্বল৷

অধ্যৱসায় আৰু প্রাণান্তকৰ পৰিশ্রমেৰে ভাস্বৰ হৈ উঠা এনগোলো কাণ্টেৰ নাম বিশ্ব ফুটবল ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷

You might also like