নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত নিচাগ্ৰস্ত অৱস্থাত ৯ যুৱকক আটক কৰি নিচামুক্ত কেন্দ্ৰলৈ প্ৰেৰণ

ডিজিটেল ডেস্ক, মানকাচৰ, ৩১ মে’ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক ধাৰাবাহিক আৰু তীব্ৰ অভিযান। এই অভিযানৰ ফলস্বৰূপে মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৯জনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় ।

মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰ ঘোষৰ নেতৃত্বত যোৱা দুদিন ধৰি আৰক্ষীৰ এটা বিশেষ দলে গোপন সূত্ৰৰ আধাৰত অঞ্চলজুৰি এক ব্যাপক অভিযান চলায়। মানকাচৰ, কলোঘাট, ১ নং চাহাপাৰা, জোৰডাঙা ,ঠাকুৰবাৰী আদি বিভিন্ন অঞ্চলৰ নিৰ্বাচিত স্থানত অভিযান চলাই আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী সেৱন কৰি থকা অৱস্থাত এই যুৱকসকলক হাতে-লোটে ধৰা পেলায়।

আটক কৰা যুৱকসকলক প্ৰথমে থানালৈ অনা হয় আৰু জেৰা চলোৱা হয়। পৰৱৰ্তী সময়ত তেওঁলোকক সংশোধন আৰু সুস্থ জীৱনলৈ ঘূৰাই অনাৰ লক্ষ্যৰে শনিবাৰে নিশা হাটশিঙিমাৰীৰ এক নিচামুক্ত কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে ড্ৰাগছৰ কবলত পৰা সমাজখনক উদ্ধাৰ কৰিবলৈ লোৱা এক ইতিবাচক পদক্ষেপ বুলি স্থানীয় সচেতন মহলে প্ৰশংসা কৰিছে।

অভিযানটোৱে অঞ্চলটোৰ অভিভাৱকসকলৰ মাজত স্বস্তি কঢ়িয়াই আনিছে। স্থানীয় ৰাইজৰ মতে, এনে ধৰণৰ অভিযান অবিৰতভাৱে চলিলেহে নতুন প্ৰজন্মক নিচাৰ ভয়াৱহ পৰিণতিৰ পৰা ৰক্ষা কৰিব পৰা যাব। মানকাচৰ আৰক্ষীৰ এই সফলতাক সাধাৰণ ৰাইজে আদৰণি জনাইছে আৰু ভৱিষ্যতেও ড্ৰাগছ ব্যৱসায়ী তথা সেৱনকাৰীৰ বিৰুদ্ধে এনে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

You might also like