ডিজিটেল ডেস্ক, ৰঙিয়া, ৩১ মে’ : ৰঙিয়াৰ নিজ হচং প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত চৌহদৰ ভিতৰত পাকিস্তানী পতাকাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা ঘটনাটো পোহৰলৈ অহাৰ লগে লগে স্থানীয় বাসিন্দাৰ মাজত তীব্ৰ ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি হয়। বিদ্যালয়খনৰ চৌহদৰ ভিতৰৰ এক স্থানত কোনো অচিনাক্ত দুৰ্বৃত্তই পাকিস্তানী পতাকাখন উৰুৱাই থৈ যায়।
কোনে কি উদ্দেশ্যত পাকিস্তানী পতাকাখন উৰুৱাই থৈ গ’ল, তাক লৈ সৃষ্টি হৈছে ৰহস্য। এই খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ উত্তেজনা আৰু চাঞ্চল্য বিৰাজ কৰিছে।
ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পাছতে ৰঙিয়া আৰক্ষীৰ এটা দল বিদ্যালয়খনত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে পতাকাখন উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ লগতে বজৰং দলৰ সদস্যসকলে ঘটনাটোৰ তীব্ৰ গৰিহণা দি ইয়াক এক উদ্দেশ্যপ্ৰণোদিত উচটনিমূলক কাৰ্য বুলি অভিহিত কৰে। ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰি তৎকালে গ্ৰেপ্তাৰ কৰাৰ দাবীৰে সংগঠনটোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।