ডিজিটেল ডেস্ক, ৩১ মে’ : দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। বিশ্ব ধঁপাতবিৰোধী দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন চৰকাৰী বিভাগ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ সহযোগত আজি এই দিৱসটো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে।
বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা আজি পুৱা ১০ বজাত জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নেতৃত্বত এটি সজাগতা সমদল চহৰখনৰ মূল পথেৰে উলিওৱা হয়। এই দিৱসৰ লগত সংগতি ৰাখিয়েই সজাগতা সমদলৰ পাছত নগাঁও বিশ্ববিদ্যালয়ৰ সভাকক্ষত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে।
সভাখনত জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ লগতে আৰক্ষী প্ৰশাসন, পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগ, ঔষধ পৰিদৰ্শককে আদি কৰি জ্যেষ্ঠ চৰকাৰী বিষয়া, কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত এখন সমাজ কিদৰে নিঃশেষ হৈ যাব পাৰে আৰু একো একোটা পৰিয়াল নিমিষতে শেষ হৈ যাব পাৰে, তাৰ এখন ছবি দাঙি ধৰি এই বিপথগামী যুৱক-যুৱতীসকলক উভতি আহিবলৈ আহ্বান জনায়।