নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচল প্ৰদেশত গভীৰ খাৱৈত পৰিল পৰ্যটকৰ বাহন, ৮জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ৩১ মে’ : হিমাচল প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাহন গভীৰ খাৱৈত পৰি যোৱাৰ ফলত ৮জন পৰ্যটকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত দুটি শিশুও আছে।

হিমাচল প্ৰদেশৰ চম্বা জিলাৰ চুৰাহ উপমণ্ডলৰ বেৰগড়-সচ পাছ-কিলাৰ পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি, পৰ্যটকভৰ্তি গাড়ীখন বৰফেৰে আৱৰি থকা সচ পাছ অঞ্চললৈ গৈ থকা সময়তে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৫০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে। এই পথটো হিমাচল প্ৰদেশৰ আটাইতকৈ দুৰ্গম আৰু বিপদসংকুল পাহাৰীয়া পথসমূহৰ অন্যতম বুলি গণ্য কৰা হয়।

জানিব পৰা মতে, বেংগালুৰুৰ পৰা অহা এটা পৰ্যটক পৰিয়ালে ডালহৌজি ভ্ৰমণৰ বাবে এখন টেক্সি ভাৰা কৰিছিল। পৰিয়ালটোৱে সচ পাছ অঞ্চলৰ তুষাৰাবৃত পাহাৰ উপভোগ কৰিবলৈ গৈছিল।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন গভীৰ খাদত পৰি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। দুৰ্গম স্থান আৰু থিয় ঢালৰ বাবে উদ্ধাৰ আৰু সাহায্য অভিযানত ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

পুলিচ সূত্ৰৰ মতে, চাৰিচকীয়া বাহনখনত মুঠ ৮জন যাত্ৰী আছিল। শনিবাৰে তেওঁলোকে সচ পাছৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু বৈৰাগড়-সচ পাছ-কিলাৰ পথৰ ওচৰত পাওঁতেই বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৫০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে। বিকট শব্দ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। লগে লগে পুলিচ আৰু উদ্ধাৰকাৰী দলো ঘটনাস্থলীত উপস্থিত হয়। জানিব পৰা মতে, ঘটনাস্থলীতেই আটাইকেইজনৰ মৃত্যু হয়। 

খাৱৈটো অতি গভীৰ হোৱা বাবে উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে দীঘলীয়া প্ৰচেষ্টাৰ অন্তত মৃতদেহসমূহ উদ্ধাৰ কৰা হয়। ইতিমধ্যে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

You might also like