নিয়মীয়া বাৰ্তা, লালুক, ৩১ মে’ : লালুকত আজি কিছুদিন ধৰি চোৰে সন্ত্ৰাস চলাই অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰিয়ালৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ পৰা বিভিন্ন সামগ্ৰী লুটি নি সকলোৰে টোপনি হৰণ কৰিছিল৷ লালুক আৰক্ষীয়েও চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল৷
আজি কেইদিনমান পূৰ্বে মহিলাসহ লালুক আৰক্ষীয়ে ছয়টাকৈ চোৰ জালত পেলাই ৰঙাঘৰলৈ নিক্ষেপ কৰাৰ পিছত যোৱানিশা পুনৰ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ৫টাকৈ গভাইত চোৰক কৰায়ত্ত কৰাৰ লগতে বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে৷ লালুক থানাৰ অ’চি সীমান্ত পাঠকৰ নেতৃত্বত চলা এই অভিযানত লালুক থানাৰ অন্তৰ্গত ৪নং ধৰ্মপুৰৰ আলি হুছেইনৰ পুত্ৰ তাজমুল হুছেইন (২৩), ইছলামপুৰ বেচাপট্টিৰ আটাবুৰ ৰহমানৰ পুত্ৰ আলী হুছেইন (২৪), ১নং ইছলামপুৰৰ ইছলাম আলীৰ পুত্ৰ আতিকুল ইছলাম (৩৪), ১নং ধৰ্মপুৰৰ লেবু মিঞাৰ পুত্ৰ মহম্মদ আলী (৬০) আৰু উত্তৰ লখিমপুৰ থানাৰ অন্তৰ্গত পাণধোৱাৰ ছবেদ আলীৰ পুত্ৰ ছামছুল হক নামৰ ৫ চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে নিশাই চোৰক লগত লৈ অভিযান চলাই চোৰে চুৰি কৰি নি লুকুৱাই ৰখা চুৰি সামগ্ৰী ৰূপৰ নেকলেছ, চেইন, আঙঠি, খাৰু, পানী সিঁচা মেচিন, লেপটপ, বিভিন্ন সা-সৰঞ্জামভৰ্তি বাকচ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে৷ লালুক আৰক্ষীয়ে নিশাই আটাইকেইটা চোৰক লালুক থানালৈ আনি আজি ৫ চোৰক জে’ললৈ নিক্ষেপ কৰিছে৷