নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ন্যায়ালয়ত ব্যৰ্থ : ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰস্থ শ্যামকানু মহন্ত

অসমৰ সংগীত জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰত মুখ্য অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতেই তেওঁ এই আবেদন দাখিল কৰে।

উচ্চ ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত মুখ্য অভিযুক্তজনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। এই জামিন আবেদনৰ শুনানি কাইলৈ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে এক বিশেষ ফাষ্ট ট্ৰেক আদালতে একে গোচৰতে আন চাৰি অভিযুক্ত সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন খাৰিজ কৰিছিল। বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে তেওঁলোক বৰ্তমান ন্যায়িক জিম্মাত আছে।

শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰাৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়ত ৰায় সংৰক্ষণ কৰি ৰাখিছিল। প্ৰতিৰক্ষা আৰু অভিযোগকাৰী পক্ষৰ বিস্তৃত যুক্তি শুনাৰ পিছত আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত এই শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত শ্যামকানু মহন্তৰ অধিবক্তাই জামিনৰ সপক্ষে যুক্তি আগবঢ়োৱাৰ বিপৰীতে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত হোৱা বিশিষ্ট সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই এই গোচৰটো চলি আছে।

ডিজিটেল ডেস্ক, ২২ জুন

You might also like