ডিজিটেল ডেস্ক, নাওবৈচা, ৪ জুন : ৰাণী ভিক্টোৰিয়াই স্বীকৃতি প্রদান কৰা বনৰীয়া ম’হৰ বাবে বিখ্যাত তথা উত্তৰ অসমবাসীৰ গৌৰৱ পাভ অভয়াৰণ্যই এদিন তিলতিলকৈ মৃত্যুৰ ক্ষণ গণিছিল৷ জীৱশ্রেষ্ঠ মানৱ সভ্যতাৰ গ্রাসত পৰিছিল পাভ৷ জৈৱ–বৈচিত্র্যৰে ভৰপূৰ পাভই হেৰুৱাইছিল পূর্বৰ স্বকীয়তা৷ ৪৬২৬ হেক্টৰ মাটিকালিৰে আবৃত বনাঞ্চলখনৰ ১ হাজাৰ ৭৫০ হেক্টৰ ভূমি সন্দেহজনক মিঞাৰ দখলত আছিল৷ বনাঞ্চলখনৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ বাবে বহু বছৰ ধৰি প্রকৃতিপ্রেমী দল–সংগঠনে আন্দোলন তথা আবেদন–নিবেদন কৰি আহিছিল৷ ফলশ্রুতিত মুখ্যমন্ত্রীৰ তৎপৰতাত মিঞাৰ আগ্রাসনত মৃত্যুমুখী পাভ বনাঞ্চলত বিগত ২০২৩ চনৰ ২৩ জানুৱাৰীত লখিমপুৰ জিলা প্রশাসনে যুদ্ধংদেহি তৎপৰতাৰে উচ্ছেদ অভিযান চলায়৷
উল্লেখ্য যে বনাঞ্চলখনৰ উচ্ছেদৰ পিছৰে পৰা মিঞাই দখল কৰি থকা ১ হাজাৰ ৭৫০ হেক্টৰ ভূমিয়ে এতিয়া সেউজীয়া ৰূপ পাইছে৷ লাহে লাহে বিভিন্ন গছ–গছনিৰে জীপাল হোৱাৰ দিশে আগবাঢ়িছে বনাঞ্চলখন৷ লক্ষণীয় যে উচ্ছেদৰ সময়ত বন বিভাগ তথা আৰক্ষী প্রশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাভ সংৰক্ষিত বনাঞ্চলৰ চাৰিসীমাৰ ভিতৰৰ চৰকাৰী ভূমিত বসবাস কৰি থকা অবৈধ বেদখলকাৰীৰ বাসগৃহত চলাইছিল এক্সকেভেটৰৰ হাতোৰা৷ প্রশাসনে উচ্ছেদ অভিযানত ৩৬খন এক্সকেভেটৰ আৰু ২১খন ট্ৰেক্টৰ ব্যৱহাৰ কৰিছিল৷
বনাঞ্চলখনৰ বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযানত প্রশাসনে বেদখলকাৰীয়ে খন্দোৱা বৃহৎ বৃহৎ পুখুৰী এক্সকেভেটৰ আৰু ট্ৰেক্টৰেৰে খান্দি একাকাৰ কৰি পেলাইছিল৷ অভয়াৰণ্যখনৰ চৰকাৰী ভূমিত বেদখলকাৰীসকলে কৰা হাজাৰ হাজাৰ বিঘা সৰিয়হ খেতিৰ ওপৰেৰে চলাইছিল প্রশাসনৰ এক্সকেভেটৰ৷ বর্তমান বনাঞ্চলখন বেদখলকাৰীৰ হাতোৰাৰ পৰা সম্পূর্ণ মুক্ত৷
উল্লেখ্য যে বনাঞ্চলখনৰ উচ্ছেদৰ পূর্বে জিলা সামাজিক বনানীকৰণ বিভাগে ৮০ হেক্টৰ আৰু উচ্ছেদৰ পিছত বন বিভাগে ৩৫০ হেক্টৰ ভূমিত যি গছপুলি ৰোপণ কৰিছিল সেই গছপুলিসমূহ লহপহকৈ বাঢ়ি অহাৰ বিপৰীতে সামাজিক বনানীকৰণ বিভাগে ৰোপণ কৰা ২৫ হেক্টৰৰ গছপুলিসমূহ প্রাপ্তবয়স্ক হৈ পৰিছে৷
ভাল লগা খবৰ যে এসময়ত মিঞাই বসতি পতা পাভৰ ভূমিত এতিয়া বিচৰণ কৰিছে হাতী, বাঘ, ভালুকৰ দৰে বন্য জন্তুৱে৷ তদুপৰি দাঁতিকাষৰীয়া অঞ্চলৰ বহু লোকে প্রায় ৪৫টাতকৈ অধিক ঘৰচীয়া ঘোঁৰা বনাঞ্চলখনত এৰি দিছে৷ এই বন ঘৰচীয়া ঘোঁৰাসমূহৰ বিচৰণে বর্তমান বনাঞ্চলখনক এক বিশেষ মাত্রা প্রদান কৰিছে৷ আনহাতে, পূর্বৰ পাভৰ স্বকীয়তা ঘূৰি আহিবলৈ হ’লে বন বিভাগে অভয়াৰণ্যখনৰ উচ্ছেদিত ভূমিত অধিক হাৰত গছপুলি ৰোপণৰ আঁচনি গ্রহণ কৰিব লাগিব বুলি প্রকৃতিপ্রেমী তথা দল–সংগঠনে দাবী উত্থাপন কৰিছে৷