ডিজিটেল ডেস্ক, টিপলাই, ৪ জুন : ৰাজ্যখনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছতে সমগ্ৰ ৰাজ্যখনতে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।
নিষিদ্ধ ড্ৰাগছৰ লগতে নিষিদ্ধ মাদক দ্ৰব্য, গাঞ্জাৰ বিৰুদ্ধেও ধাৰাবাহিক অভিযান চলাই আছে আৰক্ষী প্ৰশাসনে। গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চাপলাই গাঁৱত চলোৱা এক বিশেষ অভিযানত ১ কেজি ৮৪৭ গ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে দীপক দাস নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।
দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওগৰ নেতৃত্বত আৰু ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ তত্ত্বাৱধানত চলোৱা এই অভিযানত চাপলাই গাঁৱৰ দীপক দাসৰ বাসগৃহত তালাচী চলোৱা হয়। আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চাপলাই অঞ্চলত নিষিদ্ধ গাঞ্জাৰ সৰবৰাহ হৈ থকা বুলি তথ্য লাভ কৰে। সেই ভিত্তিত অভিযানকালত দীপক দাসৰ বাসগৃহত তালাচী চলাই ১ কেজি ৮৪৭ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে তেওঁকো আটক কৰে।
ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে । নিষিদ্ধ ড্ৰাগছ, মাদক দ্ৰব্য, গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।