ডিজিটেল ডেস্ক, ৪ জুন : কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ আৰক্ষী পেট্ৰ’ল আউট পোষ্টত চলোৱা এক ড্ৰাগছ আৰু মাদকদ্ৰব্যবিৰোধী অভিযানত বুজন পৰিমাণৰ অবৈধ বিদেশী সুৰা জব্দ কৰা হৈছে। নিয়মীয়া নাকা তালাচীৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাক আটক কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰই জনোৱা মতে, মেঘালয়ৰ পৰা সুৰা কঢ়িয়াই মিজোৰাম অভিমুখে গৈ থকা AS-01RC-2950 নম্বৰৰ ট্ৰাকখন লাইলাপুৰ আৰক্ষী পেট্ৰ’ল আউট পোষ্টৰ চেকিং পইণ্টত ৰখাই তালাচী চলোৱা হয়। তালাচীকালত ট্ৰাকখনৰ ভিতৰৰ পৰা প্ৰায় ১৫০ কাৰ্টন বিদেশী সুৰা উদ্ধাৰ কৰা হয়। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকচালক আনোৱাৰ হুছেইন লস্কৰক (২৮) আটক কৰা হৈছে। তেওঁ সোনাই অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। জব্দ হোৱা সুৰাখিনিৰ বজাৰ মূল্য ৫০ লাখ টকাৰ অধিক হ’ব বুলি জনাইছে আৰক্ষীয়ে।