নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুখচৰত গাঞ্জাসহ দুজনক আটক

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱানৰ আলগা চৰ প্ৰথম খণ্ডত আজি আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত নিচাজাতীয় দ্ৰব্যবিৰোধী এক বৃহৎ অভিযান চলায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযানকালত উক্ত অঞ্চলৰ কিছুসংখ্যক বাসগৃহত সন্দেহজনকভাৱে গাঞ্জাৰ গছ খেতি কৰা পৰিলক্ষিত হয়। আৰক্ষীৰ দলটোৱে ঘৰসমূহ তন্নতন্নকৈ তালাচী চলাই প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ গাঞ্জা গছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আইনী বিধি অনুসৰি উদ্ধাৰ কৰা গাঞ্জাখিনি জব্দ কৰাৰ লগতে ওজন কৰা হয়।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে। অৱশ্যে, আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ উমান পাই ঘৰসমূহৰ অভিযুক্ত আন কিছুসংখ্যক লোকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনাত ৰকেয়া খাতুন আৰু আনোৱাৰা খাতুন নামৰ মহিলা দুগৰাকীক আৰক্ষীয়ে আটক কৰিছে।

বৰ্তমান আৰক্ষীয়ে পলাতক লোকসকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযানক স্থানীয় সচেতন ৰাইজে প্ৰশংসা কৰিছে।

ডিজিটেল ডেস্ক, মানকাচৰ, ৫ জুন :

You might also like