ডিজিটেল ডেস্ক, মানকাচৰ, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা, দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ উদ্যোগত আৰু মানকাচৰ মণ্ডল কৃষক মৰ্চাৰ সহযোগত মানকাচৰত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মানকাচৰৰ বিভিন্ন ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ দাঁতিত গছপুলি ৰোপণ কৰা হয়। ফলমূল, ঔষধি আৰু ছাঁ দিয়া গছৰ পুলি ৰোপণৰ লগতে সংৰক্ষণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হয়।
কাৰ্যসূচীত প্ৰাক্তন বিধায়ক জাভেদ ইছলাম, জিলা কৃষক মৰ্চাৰ সভাপতি, মণ্ডল সভাপতি, বিদ্যালয়ৰ অধ্যক্ষ, স্থানীয় বিজেপি নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰে।
কৃষক মৰ্চাৰ নেতাসকলে কয়- “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে এই বৃক্ষৰোপণ কৰা হৈছে। পৰিৱেশ ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব।”