ডিজিটেল ডেস্ক, ৬ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ গো-মাংসৰ ঘটনাত চাঞ্চল্য বিৰাজ কৰি থকাৰ সময়তে পুনৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এখন বিদ্যালয়ত নিষিদ্ধ গো-মাংসক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কৃষ্ণাই হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পাঁচজনকৈ আন সম্প্ৰদায়ৰ ছাত্ৰই শুকুৰবাৰে টিফিনত নিষিদ্ধ গো-মাংস লৈ আনিছিল। উক্ত নিষিদ্ধ গো-মাংস কেৱল খোৱাই নহয়, দুই হিন্দু সহপাঠীক বলপূৰ্বক খুওৱাৰ চেষ্টা চলায়। মুখৰ কাষলৈকে এইবিধ নিষিদ্ধ মাংস লৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে।
উক্ত ঘটনাত দুই হিন্দু ছাত্ৰই সহকাৰী শিক্ষক মহিবুলক অৱগত কৰে যদিও সহকাৰী শিক্ষকগৰাকীয়ে এই বিষয়ে কাৰো আগত মুখ খুলিবলৈ বাধা প্ৰদান কৰে। ইপিনে, ঘটনা সন্দৰ্ভত সহকাৰী শিক্ষকগৰাকীয়ে প্ৰধান শিক্ষকজনক জনায় যদিও তেওঁ ঘটনাটো সম্পূৰ্ণ গাপ দিয়াৰ চেষ্টা চলায়।
অৱশেষত নিশা যেতিয়া ছাত্ৰ দুজনৰ পৰা ঘটনাৰ সবিশেষ অভিভাৱকে জানিব পাৰে, তাৰ পিছতে শনিবাৰে বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক দুয়োগৰাকীকে জবাবদিহি কৰে।
ইপিনে, ঘটনাৰ বুজ লবলৈ বিদ্যালয়খনত উপস্থিত হয় জিলা আয়ুক্ত প্ৰদীপ টিমং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত।