ডিজিটেল ডেস্ক, ৬ জুন : বজালীৰ পাঠশালা-হাউলী ৰোডত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় l ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপোৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো l
জানিব পৰা মতে, এখন ট্ৰাকে মটৰ চাইকেলত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুঘৰ্টনাটো সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় উদীয়মান কবি দিগন্ত নিবিৰ। সংকটজনক অৱস্থাত বাইক আৰোহী দিগন্ত নিবিৰক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে l
জানিব পৰা মতে, দিগন্ত নিবিৰ এম ই স্কুলৰ শিক্ষক হিচাপেও কৰ্মৰত হৈ আছে। তেওঁৰ ঘৰ বজালীৰ তিতকা গৰীয়াত (ৱাৰ্ড নং ৮)।