নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ক দ্বিতীয় ৰাজধানী ৰূপে গঢ়িবলৈ ৫০০ কোটি আবণ্টন, কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

ডিজিটেল ডেস্ক, ৬ জুন : শুকুৰবাৰে ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকে ডিব্ৰুগড়বাসীৰ বাবে দিছে এক সুখবৰ। ১২জনকৈ মন্ত্রীৰ নিযুক্তিৰে মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাৰ পিছতেই অনুষ্ঠিত কেবিনেটে গ্রহণ কৰিলে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত এই কেবিনেট বৈঠকতে ৰাজ্যখনৰ দ্বিতীয়খন ৰাজধানীৰ প্ৰসাৰ কাৰ্যত দিশদৰ্শন কৰিবলৈ এক সুকীয়া উন্নয়ন প্ৰাধিকৰণ গঠনৰ বাবে অনুমোদন জনায়।

নতুন মন্ত্রী পৰিষদক লৈ অনুষ্ঠিত এই কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি কেবিনেটে ডিব্রুগড়ক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্রাধিকৰণ, ডিব্রুগড় গঠনৰ প্রস্তাৱত অনুমোদন জনায়৷ এই অঞ্চলটোৱে ডিব্রুগড় জিলাৰ অন্তর্গত ডিব্রুগড় ৰাজধানী কমপ্লেক্সক কেন্দ্র কৰি ২০ কিলোমিটাৰ ব্যাসার্ধৰ এলেকা সামৰি ল’ব৷

আনহাতে, দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্রাধিকৰণ, ডিব্রুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু কেন্দ্রীয় পর্যায়ৰ উন্নয়ন পৰিকল্পনা প্রস্তুত কৰা, বিকাশ কৰিড’ৰ আৰু নগৰ সম্প্রসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব৷ এই প্রাধিকৰণৰ অধ্যক্ষৰূপে থাকিব ডিব্রুগড়ৰ বিধায়কগৰাকী৷ অধ্যক্ষগৰাকীয়ে লাভ কৰিব কেবিনেট মর্যাদা৷

আনহাতে গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ সচিবগৰাকী প্রাধিকৰণৰ উপাধ্যক্ষ হিচাপে থাকিব, ডিব্রুগড় জিলা আয়ুক্তগৰাকী হ’ব সদস্য সচিব৷ তদুপৰি সদস্য হিচাপে থাকিব দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কার্যবাহী বিষয়া, ডিব্রুগড় পৌৰ নিগমৰ আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া আৰু সকলো বিভাগৰ জিলা পর্যায়ৰ মুৰব্বী বিষয়াসকল৷

দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত সকলো কাম–কাজ সম্পাদনৰ বাবে সংশ্লিষ্ট লাইন–বিভাগসমূহৰ বাজেটত ৫০০ কোটি টকাৰ এক বিশেষ পুঁজি আবণ্টন কৰা হ’ব৷ ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিবলৈ ৫০০ কোটি টকা ব্যয় কৰিব চৰকাৰে।

You might also like