নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যাৰে বিশ্বত অভিলেখ আমেৰিকাৰ নিউয়ৰ্ক প্ৰদেশৰ

এদিনতে ১০ হাজাৰ সংক্ৰমিত, ৭ সহস্ৰাধিকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে আমেৰিকাৰ নিউয়ৰ্কত। মাৰ্কিন প্ৰদেশখনত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা এতিয়া বিশ্বৰ যিকোনো দেশতকৈ বেছি। নিউয়ৰ্কত ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। মাত্ৰ এটা দিনতে প্ৰদেশখনত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ১০ হাজাৰ লোক। নিউয়ৰ্কত এই ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যা ১,৫৯,৯৩৭গৰাকীলৈ বৃদ্ধি পাইছে। লক্ষণীয়ভাৱে এইক্ষেত্ৰত স্পেইনক অতিক্ৰম কৰিছে মাৰ্কিন প্ৰদেশখনে। ক’ৰোনা আক্ৰান্ত দেশৰ ভিতৰত দ্বিতীয়স্থানত আছে স্পেইন। স্পেইনত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ১,৫৩,০০০। বিশ্বজুৰি ক’ৰোনা ভাইৰাছ বা ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্য়া ১৬ লাখলৈ বৃদ্ধি পোৱাৰ বিপৰীতে কালিলৈকে এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাৰ লোকৰ সংখ্যা ৯৫,০০০লৈ বৃদ্ধি পাইছে। স্মৰ্তব্য যে নিউয়ৰ্কত ক’ৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ সাত সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে। মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈ ইটালী আৰু স্পেইনত ক্ৰমে ১৮ হাজাৰ আৰু ১৫,৫০০লোক মৃত্যু মুখত পৰিছে।

You might also like