নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰত বিত্ত বিভাগৰ পৰ্যালোচনা বৈঠক জয়ন্ত মল্ল বৰুৱাৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি জনতা ভৱনত অনুষ্ঠিত বিত্ত বিভাগৰ এক পৰিচয়মূলক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে।

বৈঠকত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলে মন্ত্ৰীগৰাকীক বিভাগৰ মুখ্য কাৰ্যকলাপ, চলি থকা বিভিন্ন পদক্ষেপ আৰু গুৰুত্বপূৰ্ণ দায়িত্বসমূহৰ বিষয়ে অৱগত কৰে। লগতে বিভাগটোৰ সামগ্ৰিক কাৰ্যপদ্ধতি সম্পৰ্কে এক বিস্তৃত পৰ্যালোচনাও আগবঢ়োৱা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানসমূহো পৰ্যালোচনা কৰে।

সুশাসন আৰু দক্ষ বিত্তীয় ব্যৱস্থাপনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিশ-নিৰ্দেশনাত বিভাগটোৱে আগন্তুক দিনৰ বাবে এক সুস্পষ্ট ৰোডমেপ প্ৰস্তুত কৰাৰ দিশত কাম আগবঢ়াই নিব।

ডিজিটেল ডেস্ক, ১১ জুন

You might also like