নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া বালিসত্ৰৰ যুৱক মুন কুমাৰ সন্ধানহীন 

কামৰূপ জিলাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিসত্ৰ নিৱাসী বংশী কুমাৰৰ পুত্ৰ মুন কুমাৰ ৭ জুনৰ পৰা সন্ধানহীন হৈ আছে। ইতিমধ্যে এই সন্দৰ্ভত কঞা থানাত অৱগত কৰা হৈছে।

প্ৰাপ্য খৱৰ অনুসৰি মুন কুমাৰে বালাযুগতলি (চন চুবুৰি)ৰ মীৰ হুছেইনৰ লগত কৰ্মসংস্থাপনৰ বাবে দিল্লীলৈ যোৱাৰ উদ্দেশ্যে ৰঙিয়া ষ্টেচনলৈ যায়। মুন কুমাৰৰ কোনো সম্ভেদ নোপোৱাত মীৰ হুছেইনলৈ ফোন কৰাত অৱগত কৰে যে তেওঁৰ হেনো উপযুক্ত নথিপত্ৰ নথকাৰ বাবে ৰঙিয়া ষ্টেচনতে সংগ ত্যাগ কৰি গুচি যায়।

সেই সময়ৰ পৰা মুন কুমাৰ সন্ধানহীন হৈ আছে বুলি সহধৰ্মিণী চন্দনা দাসে অৱগত কৰে। কোনোবা ব্যক্তিয়ে মুন কুমাৰৰ সম্ভেদ পালে ৬০০০৩-৭০০৯১, ৯১০১৯-১৫২১২ নম্বৰত নাইবা সুশীল চন্দ্ৰ ডেকা (সম্পাদক, বালিসত্ৰ আঞ্চলিক সংস্কৃতি সুৰক্ষা মঞ্চ)ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

ডিজিটেল ডেস্ক, ১১ জুন

You might also like