নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ বাটাচাৰাত ভয়াৱহ পথ দুৰ্ঘটনা

  • বাক্সাৰ বাটাচাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা
  • তীব্ৰবেগী বাইকৰ খুন্দাত পথচাৰী নিহত
  • ঘটনাস্থলীতে মৃত্যু ৬৫ বছৰীয়া থেপ্ৰা বড়ো নামৰ লোকজনৰ
  • বজাৰ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে বৰমা-বৰবৰী সংযোগী পথত তীব্ৰবেগী বাইকৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় ব্যক্তিগৰাকীয়ে
  • দুৰ্ঘটনাত পতিত পালচাৰ বাইকখনৰ নম্বৰ- AS-14-T-7755
  • দুৰ্ঘটনা সংঘটিত কৰি পথতে বাইক এৰি আৰোহী যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে
  • ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাত পতিত বাইকখন থানালৈ লৈ আনে
  • লোকজনৰ মৃত্যুত বাটাচাৰা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।

ডিজিটেল ডেস্ক, ১০ জুন

You might also like