সাহিত্যৰ ন’বেল বঁটাপ্রাপক ৰবীন্দ্রনাথ ঠাকুৰৰ কাব্যগ্রন্থ ‘গীতাঞ্জলি’ৰ ইংৰাজী অনুবাদ কৰিছিল ডব্লিউ বি ইয়েটছে৷ বিখ্যাত আইৰিছ কবি ইয়েটছৰ কলমত ভাস্বৰ হৈ উঠা এই অনুবাদে ভাৰতীয় সাহিত্যক বিশ্ব মঞ্চত অনন্য মর্যাদা প্রদান কৰে৷
ইংৰাজী অনুবাদ কৰা হৈছিল ছন্দোময় গদ্যৰ ৰূপত৷ কবিতা বা গীতবোৰ পদৰ পৰিৱর্তে নতুন সাজ পৰিধান কৰি স্বকৈীয় ৰূপত উদ্ভাসিত হৈ উঠে৷ এয়াই অনুবাদৰ শক্তি৷ আইজাক বছেৱিছ ছিংগাৰে ১৯৭৮ চনত সাহিত্যৰ ন’বেল অর্জন কৰিছিল৷
এমুঠিমান লোকে কোৱা য়িদ্দিশ্ব ভাষাত লিখিয়েই ছিংগাৰে বিশ্বজোৰা প্রসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল৷ এয়াও সম্ভৱ হৈছিল কেৱল অনুবাদৰ জৰিয়তে৷ গতিকে এই দুটা উদাহৰণেই আমাক বুজাই দিয়ে কিমান শক্তিশালী ভূমিকা ল’ব পাৰে সার্থক অনুবাদে৷
আবুল লেইচৰ দৰে মৌবৰষা ভাষাৰ অনুবাদে অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ সত্যেন বৰকটকীৰ ‘নাপলেয়ঁ ব’নাপার্ত’ সার্থক অনুবাদৰ অম্লান স্বাক্ষৰ৷ মাধৱ কন্দলিৰ অনুবাদে ‘ৰামায়ণ’ক আমাৰ ওচৰ চপাই আনিলে৷
যিকোনো ভাৰতীয় ভাষাত প্রথমবাৰৰ বাবে বাল্মীকিৰ ‘ৰামায়ণ’ অসমীয়া ভাষালৈ অনুবাদ হোৱা কথাই ভাষাটোৰ প্রচণ্ড জীৱনী শক্তিক উজলাই তোলে৷ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য (ভট্টদেৱ)ৰ কথা–সাহিত্যই অনুবাদৰ ক্ষেত্রখন সমৃদ্ধ কৰিছে৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য–প্রশিষ্যসকল ভক্তিমূলক অভিযোজনাই জ্ঞান চর্চাক সাধাৰণ মানুহৰ মাজলৈ লৈ গৈছে৷ সংস্কৃত মহাকাব্য, পুৰাণৰ কাহিনী আৰু বিভিন্ন ধর্মীয় তথা আধ্যাত্মিক গ্রন্থবোৰক স্থানীয় ভাষালৈ অনুবাদেৰে তেওঁলোকে অসমীয়া ভাষাক স্বকীয় মহিমাৰে উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হৈছে৷
আধুনিক জগততো অনুবাদে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ঊনবিংশ শতিকাতে আমেৰিকান মিছনেৰীসকলে অসমীয়া ভাষাক নতুন শব্দ ভাণ্ডাৰ আৰু ৰূপ প্রদান কৰিছিল৷ বিংশ শতিকাত অসমীয়া লেখকসকলে বিশ্বৰ চিন্তাপ্রৱাহৰ সৈতে যোগসূত্র স্থাপন কৰিছিল৷
সাহিত্য অকাডেমিৰ দৰে প্রতিষ্ঠানবোৰে অনুবাদ ক্ষেত্রখনৰ বাবে ৰাষ্ট্রীয় পুৰস্কাৰ ঘোষণা কৰি আঞ্চলিক ভাষাৰ ভাষান্তৰিত সাহিত্য কর্মক স্বীকৃতি প্রদান কৰিছে৷ ইয়াৰ জৰিয়তে অনুবাদকসকল অনুপ্রাণিত হৈছে৷
অসমীয়া ভাষাৰ কালজয়ী সৃষ্টিকর্ম বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হোৱাৰ ফলত সাহিত্যপ্রেমীসকল বহু পৰিমাণে উপকৃত হৈছে৷ অসমীয়া পাঠকে টলষ্টয়, ডষ্টয়েভস্কি, মৰিছন, কাফ্কা, লর্কা বা সমসাময়িক বিশ্বৰ শক্তিশালী কণ্ঠস্বৰ সুদক্ষ অনুবাদকৰ জৰিয়তে উপভোগ কৰিবলৈ সমর্থ হৈছে৷
আনহাতে অসমীয়া সমাজৰ নিভাঁজ চিত্রণ ফুটাই তুলিবলৈ সক্ষম হোৱা অপূর্ব সৃষ্টিকর্ম ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ পঢ়ুৱৈৰ কাষ চপায় সার্থক অনুবাদে৷ ভাষাগত সূক্ষ্মতা, ভাষাৰ কালিকা অথবা ব্যঞ্জনাৰ অনুবাদ আয়ত্ত কৰিব পৰা অনুবাদৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰাবিধৰ৷
তথাপি আমাৰ আইৰ মাতষাৰ যে জগতসভাত উজ্জ্বল কহিনুৰ হৈ জিলিকিছে তাৰ সিংহভাগ কৃতিত্ব অনুবাদ কর্মৰ৷ এই কথা অনস্বীকার্য যে অনুবাদ সাহিত্যৰ বাবে পঢ়ুৱৈৰ আগ্রহ কম আৰু অনুবাদকৰ বাবে আর্থিক সমর্থন পর্যাপ্ত নহয়৷
তদুপৰি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদৰ পৰিমাণ অন্যান্য ভাৰতীয় ভাষাৰ তুলনাত কম৷ ডিজিটেল সঁজুলি আৰু যন্ত্রৰ দ্বাৰা অনুবাদ থাউকতে পোৱা যায় যদিও সাহিত্যিক গভীৰতা অনুভূত নহয়৷ কাৰণ অনুবাদ এটা যান্ত্রিক বা কৃত্রিম কার্য হ’ব নোৱাৰে৷
ইয়াৰ সৃজনশীল কার্য ৰূপেহে প্রতিষ্ঠা কৰা বাঞ্ছনীয়৷ অনুবাদ কেৱল ভাষান্তৰ নহয়, ই সংস্কৃতি, জ্ঞান, চিন্তা তথা অনুভূতি বিনিময়ৰ এটা উল্লেখনীয় মাধ্যম ৰূপে পৰিগণিত হ’ব পাৰে৷ বিশ্বায়নৰ যুগত অনুবাদৰ গুৰুত্ব অপৰিসীম৷ কাৰণ অনুবাদে বিশ্বক আৰু এটা সৰু পৰিয়ালৰ ৰূপ দিছে৷
বিশ্ব সাহিত্যৰ মূল্যৱান সৃষ্টি অনুবাদৰ জৰিয়তে বিভিন্ন ভাষাৰ পঢ়ুৱৈৰ ওচৰলৈ গৈছে৷ শিক্ষা, বিজ্ঞান, বাণিজ্য আৰু প্রযুক্তিৰ ক্ষেত্রতো অনুবাদে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ আন্তঃৰাষ্ট্রীয় ক্ষেত্রৰ উল্লেখনীয় তথ্যসম্ভাৰ তথা জ্ঞান অনুবাদৰ জৰিয়তে অধিকসংখ্যক লোকৰ কাষ চাপিব পাৰে৷
মাতৃভাষাত শিক্ষা গ্রহণ সহজ আৰু ফলপ্রসূ হোৱাৰ বাবে পাঠ্যপুথি আৰু গৱেষণামূলক গ্রন্থৰ অনুবাদৰ গুৰুত্ব কোনেও নুই কৰিব নোৱাৰে৷ অৱশ্যে আক্ষৰিক অনুবাদতকৈ মূল ভাষাৰ ভাব, সৌন্দর্য, কালিকা, সাংস্কৃতিক প্রেক্ষাপট সঠিকভাৱে উপস্থাপন কৰাটো এজন অনুবাদকৰ বাবে সর্বপ্রথম দায়িত্ব৷
সাম্প্রতিক বিশ্বত কৃত্রিম বুদ্ধিমত্তাই অনুবাদৰ কাম সহজ কৰি তুলিছে যদিও চিৰন্তন মানৱীয় অনুভূতি, সাহিত্যিক সৌন্দর্য তথা কৃষ্টিগত সূক্ষ্মতা প্রকাশ কৰাৰ ক্ষেত্রত মানৱী স্পর্শৰ বিকল্প নাই৷
সামগ্রিকভাৱে ক’বলৈ গ’লে ভাষা আৰু সংস্কৃতিৰ সেতুবন্ধন ৰূপে পৰিগণিত হোৱা অনুবাদে ভাতৃত্ববোধ, সহমর্মিতা আৰু জ্ঞানৰ প্রসাৰত প্রভূত পৰিমাণে সহায় কৰে৷