১৯ জুনত আমেৰিকা-ইৰানৰ শান্তি চুক্তিত স্বাক্ষৰ!
আমেৰিকা আৰু ইৰানে তিনি মাহৰো অধিক সময় ধৰি চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দুয়োখন দেশে ১৯ জুনত ছুইজাৰলেণ্ডৰ জেনেভাত এখন শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ জৰিয়তে সামৰিক অভিযান বন্ধ হোৱাৰ লগতে হৰমুজ প্ৰণালীৰ পুনৰ মুকলি হোৱাৰ পথ সুগম হ’ব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Truth Social-ত লিখিছে, “ইছলামিক ৰিপাব্লিক অৱ ইৰানৰ সৈতে চুক্তি সম্পূৰ্ণ হৈছে। সকলোকে অভিনন্দন। হৰমুজ প্ৰণালী মুকলি কৰা আৰু আমেৰিকাৰ নৌ-অৱৰোধ আঁতৰোৱাৰ অনুমতি দিলোঁ।”
আনহাতে, ইৰানৰ উপ-বৈদেশিক মন্ত্ৰীয়ে জনায় যে চূড়ান্ত চুক্তিৰ বাবে অহা ৬০ দিন ধৰি আলোচনা চলিব।
১৯ জুনত স্বাক্ষৰ হ’ব ১৪ দফীয়া বুজাবুজি চুক্তি
প্ৰস্তাৱিত চুক্তিখনৰ মূল দফাসমূহ হৈছে—
📌 সকলো ক্ষেত্ৰত যুদ্ধ আৰু সামৰিক অভিযান স্থায়ীভাৱে বন্ধ কৰা।
📌 ইৰানৰ আভ্যন্তৰীণ বিষয়ত আমেৰিকাই হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি।
📌 ৩০ দিনৰ ভিতৰত নৌ-অৱৰোধ সম্পূৰ্ণভাৱে উঠাই লোৱা।
📌 ইৰানৰ চাৰিওফালৰ অঞ্চলৰ পৰা আমেৰিকান বাহিনী প্ৰত্যাহাৰ।
📌 ৩০ দিনৰ ভিতৰত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা।
📌 ইৰানৰ তেল আৰু পেট্ৰ’কেমিকেল খণ্ডৰ ওপৰত আৰোপিত নিষেধাজ্ঞা স্থগিত কৰা।
📌 ইৰান পুনৰ নিৰ্মাণৰ বাবে কমেও ৩০০ বিলিয়ন ডলাৰৰ পুনৰ্গঠন পৰিকল্পনা দাখিল।
📌 পাৰমাণৱিক কাৰ্যসূচী আৰু নিষেধাজ্ঞা সম্পৰ্কীয় বিষয়ত ৬০ দিনীয়া আলোচনা।
📌 পাৰমাণৱিক অস্ত্ৰ উৎপাদন নকৰাৰ বিষয়ে ইৰানৰ পুনৰ প্ৰতিশ্ৰুতি।
📌 আলোচনাৰ সময়ছোৱাত নতুন নিষেধাজ্ঞা বা সামৰিক শক্তি বৃদ্ধি নকৰাৰ আমেৰিকাৰ আশ্বাস।
📌 ইৰানৰ জব্দ হৈ থকা প্ৰায় ২৪ বিলিয়ন ডলাৰ মুক্ত কৰাৰ প্ৰস্তাৱ।
📌 চুক্তি ৰূপায়ণৰ বাবে তদাৰকি ব্যৱস্থা গঠন।
📌 চূড়ান্ত চুক্তিক United Nations Security Councilৰ প্ৰস্তাৱৰ জৰিয়তে অনুমোদন।
📌 তেল নিষেধাজ্ঞা স্থগিত আৰু জব্দ ধন মুক্ত কৰাৰ পিছতহে চূড়ান্ত আলোচনা আৰম্ভ হ’ব।
যদিও দুয়োপক্ষই চুক্তিৰ বিষয়ে ইতিবাচক মন্তব্য কৰিছে, তথাপিও পাৰমাণৱিক কাৰ্যসূচী, নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু হৰমুজ প্ৰণালীৰ চূড়ান্ত ব্যৱস্থাপনাক লৈ কেইবাটাও বিষয় এতিয়াও আলোচনাধীন হৈ আছে।
ডিজিটেল ডেস্ক, ১৫ জুন