নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰাবাৰীত পৰিণত ধুবুৰীৰ পৰ্যটন বিভাগৰ নিৰীক্ষণ কেন্দ্ৰ আৰু অতিথি নিৱাস

ব্ৰহ্মপুত্ৰৰ নৈশৰ্গিক দৃশ্য উপভোগ কৰাৰ বাবে তথা পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰ পৰ্যটন বিভাগে ধুবুৰীত নিৰ্মাণ কৰা কেইবা লাখ টকীয়া মূল্যৰ দুই মহলীয়া নিৰীক্ষণ কেন্দ্ৰৰ এটাৰ বৰ্তমানে এৰাবাৰী সদৃশ অৱস্থা৷ ঠিক অনুৰূপ অৱস্থা পৰ্যটন বিভাগৰ অতিথি নিবাস “প্ৰশান্তি টুৰিষ্ট ল’জ আৰু ৰেষ্টুৰেন্ট”ৰ।

উল্লেখ্য যে, ২০০৯ চনত অসম চৰকাৰৰ পৰ্যটন বিভাগে ৭৩ লাখ টকাৰে ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ সমীপৰ বৰলুইতৰ পাৰত নৈখনৰ সৌন্দর্য উপভোগ কৰাৰ বাবে নিৰ্মাণ আৰম্ভ কৰিছিল এটা নীৰিক্ষণ কেন্দ্ৰৰ।

দুই মহলীয়া সেই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ২০১১ চনৰ অন্তিম ফালে৷ ২০১১ চনৰ ২৫ নভেম্বৰৰ আনুষ্ঠানিকভাৱে মুকলি হৈছিল সেইটো৷ ওপৰ মহলাৰ পৰা নদীখনৰ অপৰূপ সৌন্দর্য নিৰীক্ষণ কৰাৰ সুৱিধাসহ তলৰ মহলাত আছিল ৰেষ্টুৰেন্ট।

সেইটো চলোৱাৰ বাবে নিবিদা যোগে পৰ্যটন বিভাগৰ অনুমতি লাভ কৰিছিল স্থানীয় এটা প্ৰতিষ্ঠানে৷ আশা কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ বাবে পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব নীৰিক্ষণ কেন্দ্ৰটো৷

স্থানীয় সেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে সেইটো চলাবলৈ পৰ্যটন বিভাগৰ সৈতে ২০১৪ চনলৈ চুক্তিৱদ্ধ হৈছিল যদিও পিছলৈ সেয়া এবছৰ বৃদ্ধি কৰি ২০১৫ চনলৈ চলোৱাৰ পিছত সেইটো চলাবলৈ অনীহা প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৱে৷

জানিব পৰা মতে, অইন কোনো প্ৰতিষ্ঠানেও সেইটো চলাবলৈ আগুৱাই নহাত তেতিয়াৰ পৰাই বন্ধ হৈ আছে ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই নীৰিক্ষণ কেন্দ্ৰটো। ইয়াতে উল্লেখনীয় এয়াও যে, সেই ভৱনটো নিৰ্মাণত ব্যাপক কাৰিকৰী বিসংগতি থকা বুলিও কিন্তু চৰ্চিত আছে স্থানীয় ভূৰখা মহলত।

নিৰীক্ষণ কেন্দ্ৰটোৰ অনুৰূপে বিগত কেইবা বছৰৰ পৰা বন্ধ হৈ থকা পৰ্য্যটন বিভাগৰ ধুবুৰীৰ অতিথি নিবাসটোও বৰ্তমানে এৰবাৰীৰ ৰূপ লৈছে। উল্লেখ্য যে, ২০০৭ বৰ্ষৰ ৮ জানুৱাৰীৰ দিনা অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ধুবুৰীৰ সেই পৰ্যটন বিভাগৰ পৰ্যটক নিবাসৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল।

সেই সময়ত কেইবালাখ টকাৰে চহৰখনৰ ১ নং ৱাৰ্ডত নিৰ্মিত হোৱা এমহলীয়া “প্ৰশান্তি টুৰিষ্ট ল’জ আৰু ৰেষ্টুৰেন্ট” নামৰ সেই পৰ্যটন নিবাসটো ৰাইজৰ বিপুল সহাৰি পোৱাও দেখা গৈছিল। পৰ্যটন নিৱাসৰ সমীপতেই জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আদালতকে ধৰি অন্যান্য কেইবাটাও চৰকাৰী কাৰ্যালয় আদি গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় থকা বাবে টুৰিষ্ট ল’জটোৰ ৰেষ্টুৰেন্টটোতো দুপৰীয়া প্ৰচুৰ গ্ৰাহকৰ সমাগম ঘটা দেখা গৈছিল।

কিন্তু, উপযুক্ত ৰক্ষণাবেক্ষণ আৰু নিয়মিত ৰিপিয়াৰিংৰ অভাৱত পিছলৈ গৈ সেই পৰ্যটন নিবাসটোৰ ভৱনটো ক্ৰমশঃ জহি-খহি পৰিবলৈ লৈছিল আৰু অৱশেষত গৈ বিগত কেইবাবছৰ পূৰ্বৰ পৰা সম্পূৰ্ণভাবে বন্ধ হৈ পৰে সেইটো।

উল্লেখ্য যে, পৰ্যটন বিভাগৰ নীৰিক্ষণ কেন্দ্ৰৰ ভৱনটোৰ অনুৰূপে পৰ্যটন নিবাসটোও নিৰ্মাণৰ ক্ষেত্ৰতো ব্যাপক খেলি-মেলি হোৱাৰো কিন্তু আছে অভিযোগ। ইয়াতে উল্লেখনীয় এয়াও যে, পৰ্যটন বিভাগৰ ধুবুৰীৰ সেই নীৰিক্ষণ কেন্দ্ৰ আৰু অতিথি নিবাস দুটাৰ সমীপত নতুনকৈ নিৰ্মিত হোৱা এখন হোটেল তথা ৰেষ্টুৰেন্টেকে ধৰি থকা সৰু-বৰ বিভিন্ন ধৰণৰ ৰেষ্টুৰেন্টবোৰ কিন্তু চলি আছে ভালদৰেই।

ইপিনে, শেহতীয়াকৈ ধুবুৰীৰ সেই প্ৰশান্তি টুৰিষ্ট ল’জটোৰ ঠাইত পৰ্যটন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ এখন চৰকাৰী ফলক লগোৱা দেখা গৈছে। অৱশ্যে, আজি বুধবাৰৰ দুপৰীয়া সেই কাৰ্যালয়ৰ জনশূণ্য তথা বন্ধ অৱস্থাত থকা পোৱা যায়।

তাৰেই পৰিপ্ৰেক্ষিতত, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বৰমূৰীয়াসকলে বিষয়টো লৈ চকু দিয়াৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হৈছে। সমান্তৰালকৈ ধুবুৰীত থকা বিভাগীয় নিৰীক্ষণ কেন্দ্ৰটোকে ধৰি প্ৰশান্ত টুৰিষ্ট ল’জ পুনৰ খুলাৰ বাবে ৰাজ্যৰ নবনিযুক্ত পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে পদক্ষেপ লোৱাটো কামনা কৰিছে বহুতেই।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৭ জুন

You might also like