ছাগলীয়াত উত্তপ্ত পৰিস্থিতি, হৰি মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰ
আজি পুৱাই ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাগলীয়া দ্বিতীয় খণ্ডৰ হৰি মন্দিৰত নিষিদ্ধ গো মাংস উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, পুৱতিনিশা দুৰ্বৃত্তই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ উদ্দেশ্যত হৰি মন্দিৰত নিষিদ্ধ গো মাংস পেলায়। পুৱা মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ আহি নিষিদ্ধ গো মাংস দেখি উত্তেজিত হয় একাংশ ৰাইজ।
উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় বজৰং দলৰ নেতৃত্বত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদত কৰে। ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী চক্ৰ বিষয়া নৱজ্যোতি ৰায়, আগমনি ৰাজহ চক্ৰ বিষয়া ৰীতিমনি দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ জৰিত থকাৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
আনহাতে ধুবুৰী জিলাৰ আক্ৰাছুৱে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অঞ্চলটোত ভাতৃত্বভাৱ নষ্টৰ প্ৰচেষ্টা চলোৱা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী কৰে।
ইপিনে ঘটনাৰে জৰিত থকাৰ সন্দেহত আমিৰ হামজা নামৰ এজনক আটক কৰি গোলকগঞ্জ আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে। উল্লেখ যে, নিতৌ পুৱতিনিশা পশ্চিমবংগৰ পৰা ছাগলীয়া, হালাকুৰা আৰু আগমনি আৰক্ষী থানাৰ ভিতৰুৱা পথ ব্যৱহাৰ কৰি ধুবুৰীলৈ একাংশই বাইক আৰু চাৰিচকীয়া বাহনে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিষিদ্ধ গো মাংস সৰবৰাহ কৰে।
এই ক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষীয়ে কঠোৰ ভূমিকা পালন নকৰাত এনেকুৱা ঘটনা সংঘটিত হৈছে বুলিও একাংশই অভিযোগ উত্থাপন কৰে।
ডিজিটেল ডেস্ক, ১৮ জুন