আজি ১৯ জুন, আহাৰ মাহৰ ৪ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : আজি কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মান প্রাপ্তিৰ যোগ৷ পুৰণি বন্বুূৰ লগ পাব পাৰে৷ শুভ ৰং– বগা, শুভ সংখ্যা– ৬
বৃষ : আজি সামাজিক কামত সাফল্য আহিব৷ প্রয়োজনত বন্বুূৰ সহায় সহযোগ লাভ কৰিব৷ সন্তানৰ কর্ম প্রাপ্তিৰ ফলত পিতৃ–মাতৃৰ আনন্দ লাভ৷ নতুনব্যৱসায়ৰ আৰম্ভ কৰিব পাৰে৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৯
মিথুন : আজি কর্মক্ষেত্রত জটিলতা দেখা যায়৷ দিনটোত বিবাদৰ নিষ্পত্তি আশা কৰিব পাৰে৷ আনৰ উপকাৰ কৰি নাম নাপাব৷ বিদ্যাত বাধা৷ দাম্পত্যত শান্তি থাকিব৷ শুভ ৰং– হালধীয়া শুভ সংখ্যা– ২
কর্কট : আজি কর্মক্ষেত্রত লাগি থকা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে৷ চাকৰি ক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ৷ মানসিক আঘাত পাব পাৰে৷ ভ্রমন নকৰাই ভাল হ’ব৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ১
সিংহ : আজি পৰিকল্পিত অগ্রসৰ ক্ষেত্রত বাধা পৰিব পাৰে৷ ওচৰ চুবুৰীয়াৰ লগত কিবা বিষয় লৈ মতবিৰোধ হ’ব পাৰে৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ উচ্চ বিদ্যাত বাধা৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৮
কন্যা : আজি কাজিয়া পেচালৰ নিষ্পত্তি আশা কৰিব পাৰে৷ সন্তানৰ দ্বাৰা পিতৃ–মাতৃৰ সন্মান লাভৰ যোগ৷ জুইৰ পৰা সতর্কতা অবলম্বন কৰিব৷ শৰীৰৰ প্রতি লক্ষ্য ৰাখিব৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ৫
তুলা : আজি কর্মক্ষেত্রত জটিলতা বৃদ্ধি পাব৷ শুভ সংবাদ প্রাপ্তিৰ যোগ৷ব্যৱসায়ত বাধা৷ প্রাপ্য ধন প্রাপ্তিৰ ফলত অযথা বাধা৷ ভ্রমণ নকৰাই ভাল৷ প্রেমত শুভ৷ শুভ ৰঙ– নীলা শুভ সংখ্যা– ৪
বৃশ্চিক : আজি কর্মক্ষেত্রত মানসিক চাপ থাকিব৷ সন্তানে পিতৃৰ মনত আনন্দ দিব৷ আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে৷ অসমাপ্ত কাম সমাপ্ত কৰি মনত আনন্দ অনুভব কৰিব৷ শুভ ৰং– গুলপীয়া শুভ সংখ্যা– ৬
ধনু : আজি সামাজিক কামত আত্মমর্যাদাবৃদ্ধিৰ যোগ৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ নতুন যোগাযোগৰ ক্ষেত্রত সাফল্য আহিব৷ জুইৰ পৰা সতর্ক থাকিব৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৩
মকৰ : আজি কর্মক্ষেত্রত সহকর্মীৰ লগত সম্পর্ক ভাল ৰখাৰ চেষ্টা কৰিব৷ বিশেষ কামত সাফল্য আহিব৷ ঠিকাদাৰ সকলে নতুন কর্মৰ সন্ধান পাব৷ বিদ্যাত মধ্যম ফল৷ শুভ ৰং– ধূসৰ, শুভ সংখ্যা– ৮
কুম্ভ : আজি দৈনন্দিন কর্মত সাফল্য আহিব৷ ঘৰুৱা শান্তি বিঘিনিত হ’ব পাৰে৷ সামাজিক কামত ব্যস্তাতা বৃদ্ধি পাব৷ চুটি ভ্রমণ হ’ব পাৰে৷ বিদ্যাত সাফল্য৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ১
মীন : আজি কর্মক্ষেত্রত কামৰ চাপ বৃদ্ধি পাব৷ দিনটোত নতুনকৈ চিন্তা ধাৰণা কৰিব পাৰে৷ বিনা কাৰণত সম্মান হানিৰ যোগ৷ ভ্রমণ নকৰিব৷ শুভ ৰং–কলা, শুভ সংখ্যা– ৭